হাজোৰ বামুন্দীত দুদিনীয়াকৈ নাট প্ৰতিযোগিতা..

হাজোৰ বামুন্দীত দুদিনীয়াকৈ নাট প্ৰতিযোগিতা..

author-image
Asomiya Pratidin
New Update
হাজোৰ বামুন্দীত দুদিনীয়াকৈ নাট প্ৰতিযোগিতা..

হাজোৰ বামুন্দীত দুদিনীয়াকৈ নাট প্ৰতিযোগিতা..

ডিজিটেল সংবাদ হাজোঃ হাজোৰ বামুন্দীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তি একাংকিকা নাট প্ৰতিযোগিতা। প্ৰবাহ বামুন্দীয়ে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ বহু অপেছাদাৰী নাট্যদল আহি উপস্থিত হৈছে। এই নাট্য দলসমূহৰ মাজত চলিব শ্ৰেষ্ঠত্বৰ মহাৰণ।

৯ ডিচেম্বৰৰ সন্ধিয়া বিশিষ্ট অভিনেত্ৰী পাকিজা বেগমে আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতা শুভ উদ্বোধন কৰে। প্ৰচণ্ড শীতকো নেওচি দুদিনীয়কৈ অনুষ্ঠিত হোৱা এই নাট সমাৰোহত মুখ্য অথিতি হিচাপে বিশিষ্ট নাট্যকাৰ অনুপ হাজৰিকা উপস্থিত থাকে।

হাজো গৌৰৱ বঁটাৰে বিভূষিত উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট চিকিৎসক ডাঃ বেদব্ৰত পাঠক উপস্থিত থাকি প্ৰবাহৰ এনে যোগাত্মক পদক্ষেপক শলাগ লয়। আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পংকজ কলিতাই আঁতধৰা সভাত মুখপাত্ৰ উন্মোচন কৰে 'পোহৰ' আলোচনীৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই।

প্ৰাক্তন বন বিষয়া ভবেশ দাসে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানৰ পিছতে কনকলতা নাটৰে এই নাট প্ৰতিযোগিতা মুকলি কৰা হয়। উল্লেখযোগ্য প্ৰবাহৰ সভাপতি নবজ্যোতি দাস আৰু সম্পাদক চন্দন দাসৰ একক প্ৰচেষ্টাত অঞ্চলটোৰ প্ৰয়াত সংস্কৃতিবান কৰ্মীসকলকো এই অনুষ্ঠানতে ৰাজহুৱা শ্ৰর্দ্ধাঞ্জলি প্ৰদান কৰা হয়।

Also Read: ৰাষ্টীয় পৰ্যায়ত জিলিকিল নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থী তিস্তা...

হাজো নাট প্ৰতিযোগিতা