জলাহ গাঁৱৰ কৃষকে দেখুৱাইছে আদৰ্শ : দুহেজাৰ বিঘা কৃষিভূমিত সৰিয়ঁহ খেতি

কৃষকসকলে সৰিয়ঁহ খেতিৰ সমান্তৰালকৈ অহা বছৰৰ পৰা মৌ-পালনৰো পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে
জলাহ গাঁৱৰ কৃষকে দেখুৱাইছে আদৰ্শ : দুহেজাৰ বিঘা কৃষিভূমিত সৰিয়ঁহ খেতি

ডিজিটেল সংবাদ,চামগুৰি : নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্তী চলচলি জলাহ গাঁৱৰ পথৰত যেন পাৰি দিয়া হৈছে হালধীয়া দলিচা। যি ফালেই চকু যায় সেইফালেই হালধীয়া হৈ পৰা সৰিয়হঁৰ খেতি।

ধান দাই নিয়াৰ অন্তত বৃহৎ পথাৰখনৰ প্ৰায় দুহেজাৰ বিঘা কৃষিভূমিত গাঁৱৰ কৃষক ৰাইজে এই বছৰো কৰিছে সৰিয়ঁহ খেতি। ধানৰ পিছতেই সৰিয়ঁহ খেতিৰ জৰিয়তে এতিয়া স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰিছে জলাহ গাঁৱৰ কৃষক ৰাইজে। অঞ্চলটোৰ প্ৰায় ১৫০ জন মান কৃষক সৰিয়হঁৰ খেতিৰ সৈতে জড়িত।

যাৰ বাবে জিলা কৃষি বিভাগৰ পৰা কৃষকসকলে বিচাৰিছে সহায়-সাহাৰ্য্য। যাতে অহাটো বৰ্ষত বিশেষ কষ্ট নকৰাকৈয়ে বছৰৰ সৰিয়ঁহ খেতি কৰিব পাৰে। উল্লেখযোগ্য যে, সৰিয়ঁহ ফুলাৰ সময় মৌ উৎপাদনৰ বাবে উত্তম সময়।

গতিকে জলাহ গাঁৱৰ কৃষকসকলে সৰিয়ঁহ খেতিৰ সমান্তৰালকৈ অহা বছৰৰ পৰা মৌ-পালনৰো পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে। ইফালে সৰিয়হঁৰ চৰকাৰী দৰ যদি পূৰ্বৰ তুলনাত হ্ৰাস নাপাই তেন্তে কষ্টৰ উপযুক্ত ফল পাব বুলি আশা কৰিছে।

জলাহ গাঁৱৰ কৃষকে দেখুৱাইছে আদৰ্শ : দুহেজাৰ বিঘা কৃষিভূমিত সৰিয়ঁহ খেতি
কাজিৰঙাত বগা হৰিণে দৃষ্টি কাঢ়িছে পৰ্যটকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in