কাজিৰঙাত বগা হৰিণে দৃষ্টি কাঢ়িছে পৰ্যটকৰ

কাজিৰঙাত বগা হৰিণে দৃষ্টি কাঢ়িছে পৰ্যটকৰ

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাত এটা পহুৱে দৃষ্টি আকৰ্ষণ কৰিছে দেশী- বিদেশী পৰ্যটকৰ ৷ পুনৰ কাজিৰঙাত বগা হৰিণৰ দৰ্শন ৷ মুগাৰ লগত কপাহৰ দৰে জিলিকি থকা এটা পহু ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এনে দৃশ্য দুৰ্লভ যদিও ধকধকীয়া বগা ৰঙৰ পহুটোৱে দৃষ্টি আকৰ্ষণ কৰিছে বহু পৰ্যটকৰ ৷

কাষতে থকা মুগা বৰণৰ হগ ডিয়েৰ বা ছাগলী পহুৰ লগত বৰণটোৰ বাদে আকৃতিগত কোনো পাৰ্থক্য নাই বগা বৰণৰ পহুটোৰ ৷ এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী যুৱক,টুৰিষ্ট গাইড বিতোপন কলঙে প্ৰকাশ কৰা মতে এয়া পহুৰ কোনো বেলেগ প্ৰজাতি নহয় ৷ বগা বৰণৰ পহুটো সচৰাচৰ পোৱাৰ দৰে হগ ডিয়েৰৰ বংশধৰ ৷

তেওঁ কয়- এয়া কোনো ৰোগৰ কাৰণো নহয় ৷ কেতিয়াবা মানুহৰ ক্ষেত্ৰতো দেখা দিয়ে বৰণৰ এনে বৈসাদৃশ্যই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত দুটা বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত এটাকৈ মুঠ চাৰিটা বগা বৰণৰ হগ ডিয়েৰৰ উপস্থিতি দেখা পোৱা গৈছে ৷

অৱশ্যে বগা বৰণটোৱেই পহুটোৰ বাবে বৈৰী হোৱাৰ সম্ভাৱনা অধিক ৷ কিয়নো আন পহুসমূহ বৰণ মুগা হোৱাৰ বাবে সেউজীয়াৰ মাজত মিলি থাকিব পাৰে ৷ বিপৰীতে বগা ৰঙটোৰ বাবে সহজে দৃষ্টিত পৰিব পাৰে বাঘৰ ৷

কাজিৰঙাত বগা হৰিণে দৃষ্টি কাঢ়িছে পৰ্যটকৰ
বীৰ জোঙাল বলহু দিৱস উদযাপন সমিতিৰ কাৰ্যনিৰ্বাহক সভা আৰু লাঁইখুটা স্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in