/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a4b37286-726c-4bbb-88f5-923fa7acbb37/1.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলী: বিগত বৰ্ষৰ দৰে এইবাৰো শনিবাৰে নিশা কঠীয়াতলী নৱশিখা সংঘৰ ৰাজহুৱা মঞ্চত মৃদংগ নৃত্যাংগন বিদ্যালয়ৰ ১৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক নৃত্য সমাৰোহ 'নৃত্যাঞ্জলি ২০২৩' বিদ্যালয়ৰ পৰিচালন সঞ্চালক নিজৰা ডেকা বৰাৰ উদ্যোগত উদযাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b3c7ecba-c6f0-4104-bc60-a6bdbf0bcfab/24f2d5b3_00b2_4760_8451_f986e93a87ec.jpg)
বিয়লি কাৰ্যসূচী আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, জ্যোষ্ঠ সাংবাদিক ঘনকান্ত বৰা, ৰাংঢালী গোষ্ঠীৰ সভাপতি শশী বৰদলৈ আৰু সম্পাদক নৃপেনচন্দ্ৰ শৰ্মাই। অনুস্থানটো শুভাৰাম্ভনি কৰে তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/5d172e9c-1fb4-41de-b38f-4da4154602c6/b12d0808_10b2_4f9d_a377_eeb76bc5062c.jpg)
বাৰেৰহনীয়া লোক সংস্কৃতিৰ সমাৱেশ ঘটা অনুষ্ঠানটি সুন্দৰ ভাৱে আঁত ধৰে মুক্তিকাম লস্কৰে। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ পৰা ২০২২ বৰ্ষৰ বিশাৰদ উত্তীৰ্ণ ২গৰাকী আৰু ২০২২ বৰ্ষৰ ২গৰাকী শ্ৰেষ্ঠ নৃত্য শিল্পীক মানপত্ৰ, গামোছা আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয়।
অনুষ্ঠানুটোৰ মাজতে আমন্ত্ৰিত বহু বিশিষ্ঠ অতিথিক সম্বৰ্ধনা জনোৱা হয়। অতি সুন্দৰভাৱে আয়োজন কৰা এই অনুষ্ঠানটোত শতাধিক ছাত্ৰ-ছাত্ৰী অভিভাৱক, শুভাকাংশী সকলৰ লগতে অঞ্চলটোৰ বহু গণ্য মান্য লোক উপস্থিত থাকে।
Also Read: অসম নেপালী সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উপলক্ষে বৃহৎ আয়োজন...