অসম নেপালী সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উপলক্ষে বৃহৎ আয়োজন...

অসম নেপালী সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উপলক্ষে বৃহৎ আয়োজন...

author-image
Asomiya Pratidin
New Update
অসম নেপালী সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উপলক্ষে বৃহৎ আয়োজন...

অসম নেপালী সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উপলক্ষে বৃহৎ আয়োজন...

ডিজিটেল সংবাদ নুমলীগড়: অসম নেপালী সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উপলক্ষে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ থকাৰ মাজতে শনিবাৰে কাৰ্বি আংলঙৰ খাকৰাজানস্থিত সামূহিক ভৱনত এক বিশেষ সভা অনুষ্ঠিত হয়। কাৰ্বি আংলং জিলা নেপালী সাহিত্য সভাৰ সভাপতি ছবিলাল চুব্বাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ওম প্ৰকাশ শৰ্মাই।

Advertisment

সভাৰ স্বৰ্ণ জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান সন্দৰ্ভত জন জাগৰণ বৃদ্ধিৰ উদ্দেশ্যে আয়োজিত সভাত অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি দুৰ্গা খতিয়ডা, কাৰ্যকৰী সভাপতি ড০ চিন্তামনি শৰ্মা, মহা-সচিব মদন থাপা, স্বৰ্ণ জয়ন্তী সামৰণি অনুষ্ঠানৰ আয়োজক সমিতিৰ সভাপতি তিলক শৰ্মা, মুখ্য সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠ, নেপালী সাহিত্য সভা- গোলাঘাট জিলাৰ সভাপতি গোপাল শ্ৰেষ্ঠ, পূব কাৰ্বি-আংলং জিলা গোর্খা সন্মিলনৰ সভাপতি কেশৱ ছেত্ৰীকে আদি কৰি বিশিষ্ট ব্যক্তিসকলে বক্তব্য দাঙি ধৰি ভাষা-সাহিত্যৰ বিকাশ তথা সংবৰ্ধনৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰে।

ইপিনে, শতাধিক লোকে অংশগ্ৰহণ কৰা অনুষ্ঠানত সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুপমা কটেলে স্বৰচিত কবিতা পাঠেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। অনুষ্ঠানত বিশদ কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা নেপালী সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী সামৰণি অনুষ্ঠান সম্পৰ্কে ৰাইজক সজাগ আৰু সচেতন কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰকাশ কৰি উলিওৱা গোহাঁৰিখন ৰাজ্যিক শাখা ভাৰতীয় গোর্খা সন্মিলনৰ সম্পাদক নন্দ কিৰাতি দেৱানে উন্মোচন কৰে।

Also Read: সোনাৰী চাপৰিত অগ্নিকাণ্ডত গৃহ ভস্মীভূত...

অসম নেপালী সাহিত্য সভা