সমষ্টিত নাই ৰাইজৰ সহাৰিঃ চালানী মাছৰ সৈতে তুলনা প্ৰদ্যুৎ বৰদলৈক...

সমষ্টিত নাই ৰাইজৰ সহাৰিঃ চালানী মাছৰ সৈতে তুলনা প্ৰদ্যুৎ বৰদলৈক...

author-image
Asomiya Pratidin
New Update
সমষ্টিত নাই ৰাইজৰ সহাৰিঃ চালানী মাছৰ সৈতে তুলনা প্ৰদ্যুৎ বৰদলৈক...

সমষ্টিত নাই ৰাইজৰ সহাৰিঃ চালানী মাছৰ সৈতে তুলনা প্ৰদ্যুৎ বৰদলৈক...

ডিজিটেল সংবাদ কামপুৰঃ মংগলবাৰে মুষ্টিমেয় কংগ্ৰেছীকলৈ কেইবাখনো দলীয় সভাত অংশলয় নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। ৰহা সমষ্টিৰ পৰা বৃহৎ সংখ্যক ভোটলৈ সাংসদ হোৱা নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ আগে পিচে নাই কোনো নেতা কৰ্মী ৷

Advertisment

বিগত চাৰিটা বছৰ ভোটাৰ ৰাইজৰ লগত বিশেষ সম্পৰ্ক নৰখা সাংসদগৰাকীয়ে ৰহা সমষ্টিৰ কচুৱা, মাধৱপাৰা, শিঙিমাৰী অঞ্চলৰ বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰে যদিও কোনো নেতা কৰ্মীৰ সহযোগ নাপাই বিষন্ন মনেৰে ঘৰমুৱা হয় সাংসদ গৰাকী ৷ লক্ষ্যনীয় যে কৰোণা মহামাৰী আৰু ভয়ানক বানৰ কবলত পৰি ৰাইজ সৰ্বস্বান্ত হোৱাৰ সময়ত সাংসদ গৰাকীৰ ছাঁটোকে দেখা নাপাই ভেটাৰসকল ক্ষুন্ন হৈ আছিল ৷

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ কথা মনত পৰাৰ বাবেই চতুৰ সাংসদগৰাকী সমষ্টিত নামিছে বুলিও চৰ্চিত হৈছে ৷ সাংসদ পুঁজিৰ পৰা বিশেষ কোনো আচঁনি ৰূপায়ন কৰিব নোৱাৰা, সমষ্টিৰ ৰাইজৰ বিপদৰ সময়ত আঁতৰি থাকি বিলাসী জীৱন কটোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈক চালানী মাছৰ লগতো তুলনা কৰিছে বহুতে ৷

অৱশ্যে তাৰ মাজতে সমষ্টিৰ অন্তৰ্গত কচুৱাত সাংসদগৰাকীয়ে সাংবাদিকৰ আগত কয়, সাম্প্ৰদায়িক ৰাজনীতি কৰি এটা জাতি অথবা এখন দেশ কেতিয়াও মহৎ হ'ব নোৱাৰে। বি জে পি দলৰ সাম্প্ৰদায়িক ৰাজনীতিৰ সম্পৰ্কত তেওঁ এইদৰে কয়।

তেওঁ পুনৰ কয়, ভাৰতবৰ্ষত বিৰোধী শক্তি ঐক্যবদ্ধ হ'লে বি জে পিক পৰাভূত কৰিব পৰা যাব। এই সন্দৰ্ভত সৰ্বভাৰতীয় পৰ্যায়ত আলোচনা চলি আছে বুলিও তেওঁ মন্তব্য কৰে।

Also Read: আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ, সমাজকৰ্মী ড° ৰণজিৎ ডেকালৈ 'বজালী ৰত্ন' উপাধি...

লোকসভা নিৰ্বাচন প্ৰদ্যুৎ বৰদলৈ