আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ, সমাজকৰ্মী ড° ৰণজিৎ ডেকালৈ 'বজালী ৰত্ন' উপাধি...

আনন্দৰাম বৰুবা একাডেমীৰ ৰেক্টৰ, সমাজকৰ্মী ড° ৰণজিৎ ডেকালৈ 'বজালী ৰত্ন' উপাধি...
আনন্দৰাম বৰুবা একাডেমীৰ ৰেক্টৰ, সমাজকৰ্মী ড° ৰণজিৎ ডেকালৈ 'বজালী ৰত্ন' উপাধি...

ডিজিটেল সংবাদ বজালীঃ শিক্ষানগৰী পাঠশালাৰ নৱ খনিকৰ, আনন্দৰাম বৰুবা একাডেমীৰ ৰেক্টৰ, বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী, ড° ৰণজিৎ ডেকাক প্ৰদান কৰা হ'ল 'বজালী ৰত্ন' উপাধি।

বজালীৰ বৃহত্তৰ ৰতনপুৰ গাঁওৰক্ষী বাহিনী ৰঙালী বিহু উদযাপন সমিতিয়ে ৰূপালী জয়ন্তী বৰ্ষত তেওঁক প্ৰদান কৰে এই উপাধি।

উল্লেখ্যে,বজালীৰ ৰতনপুৰ গাওঁৰক্ষী বাহিনীয়ে দুদিনীয়াকৈ আয়োজন কৰিছিল ৰঙালী বিহুৰ অনুষ্ঠান। এই অনুষ্ঠানৰে সাংস্কৃতিক সন্ধিয়াৰ প্ৰাক মুহূৰ্তত শিক্ষাবিদ ড° ৰণজিৎ ডেকাক ৰতনপুৰ গাওঁৰক্ষী বাহিনী ৰঙালী বিহু উদযাপন সমিতিৰ হৈ সংগীত নাটক একাডেমী বঁটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰ, অসমীয়া প্ৰতিদিন কাকতৰ প্ৰকাশক যতীন চৌধুৰীয়ে 'বজালী ৰত্ন' উপাধি প্ৰদান কৰাৰ লগতে গামোচা, জাপি, উপাধি পত্ৰ, চেলেং চাদৰ প্ৰদান কৰে।

আনন্দৰাম বৰুবা একাডেমীৰ ৰেক্টৰ, সমাজকৰ্মী ড° ৰণজিৎ ডেকালৈ 'বজালী ৰত্ন' উপাধি...
ওদালগুৰিৰ হাবিত কাৰ এই অস্ত্ৰ ভাণ্ডাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in