ৰাজ্যিক পৰ্যায়ৰ মডেল নিৰ্মাণ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ নগাঁৱৰ দুই ছাত্ৰৰ...

নগাঁৱৰ দুজন ছাত্ৰই ৰাজ্যিক পৰ্যায়ৰ মডেল নিৰ্মাণ প্ৰতিযোগিতাত লাভ কৰিছে প্ৰথম স্থান

author-image
Asomiya Pratidin
New Update
ৰাজ্যিক পৰ্যায়ৰ মডেল নিৰ্মাণ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ নগাঁৱৰ দুই ছাত্ৰৰ...

ডিজিটেল ডেস্ক : নগাওঁবাসীলৈ সু-খবৰ। নগাঁৱৰ দুজন ছাত্ৰই ৰাজ্যিক পৰ্যায়ৰ মডেল নিৰ্মাণ প্ৰতিযোগিতাত লাভ কৰিছে প্ৰথম স্থান। জি২০ৰ পৃষ্ঠপোষকতাত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ মডেল নিৰ্মাণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই সফলতা লাভ কৰে ছাত্ৰ দুজনে।

Advertisment

ছাত্ৰ দুজন ক্ৰমে নগাঁৱৰ ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয় দেৱাশীষ ঠাকুৰীয়া আৰু প্ৰতিক প্ৰতিম মেধি। ৰাজ্যৰ ৩২ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ৬৫ খন বিদ্যালয়ক পৰাস্ত কৰি ৰাজ্যিক পৰ্যায়ত এই সফলতা লাভ কৰে ছাত্ৰদ্বয়ে।

তেওঁলোকৰ এই সফলতাত এতিয়া স্বাভাৱিকতেই আনন্দিত হৈ পৰিছে নগাঁওবাসী।

Also Read: অৱশেষত আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে তদন্তৰ ঘোষাণ জি পি সিঙৰ...

competitions