অৱশেষত আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে তদন্তৰ ঘোষাণ জি পি সিঙৰ...

অৱশেষত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিলে অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙে

author-image
Asomiya Pratidin
New Update
অৱশেষত আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে তদন্তৰ ঘোষাণ জি পি সিঙৰ...

ডিজিটেল ডেস্ক : অৱশেষত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিলে অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙে। নগাঁৱৰ মৰিকলং টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰে নাম সাঙোৰ খাইছিল নগাঁও জিলাৰ জিলা কাৰ্যবাহী বাহিনীৰ উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভাৰ।

Advertisment

জোনমণি ৰাভাই শেষবাৰলৈ আভাজ্যোতি ৰাভাৰ সৈতে সংযোগ স্থাপন হোৱাৰ কথা স্পষ্টভাবে উল্লেখ কৰিছিল প্ৰয়াত জোনমণি ৰাভাৰ মাতৃয়ে। ইয়াৰ পিছৰ পৰ্যায়ত আন ৫ গৰাকী আৰক্ষী বিষয়াৰ সৈতে আভাজ্যোতি ৰাভালৈ হেডকোৱাৰ্টাৰ ক্ল'জৰ নিৰ্দেশ জাৰি কৰিছিল অসম আৰক্ষীয়ে।

বিতৰ্কই লগ নেৰা আভাজ্যোতি ৰাভাৰ বিশাল সম্পত্তিক লৈ শেহতীয়াকৈ আঙুলি তুলিছিল সচেতন মহলে। ৰাভাই তিনিবছৰীয়া চাকৰীৰ কাৰ্যকালত কি দৰে অগাধ সম্পত্তি গঢ়িছিল সেই লৈ সৰ্বত্তে চৰ্চা চলাৰ পাছত আজি অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙে টুইট যোগে জনালে তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ কথা। অৱশ্যে আৰক্ষীয়ে তদন্তৰ পিছত কি ভূমিকা গ্ৰহণ কৰে বা কি তথ্য লাভ কৰে সেইয়া হ'ব লক্ষণীয়।

Also Read: মুখ্যমন্ত্ৰী মহোদয়, এইবোৰ দুৰ্নীতি হয় নে নহয়?

Assam police