কচুৱাত মোবাইল চোৰ আটক...

কচুৱাত মোবাইল চোৰ আটক...

author-image
Asomiya Pratidin
New Update
কচুৱাত মোবাইল চোৰ আটক...

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কচুৱা আৰক্ষীয়ে বৃহস্পতিবাৰে দুটা মোবাইল চোৰক আটক কৰে। এ এছ আই লক্ষ্যজ্যোতি গগৈৰ নেতৃত্বত কচুৱাৰ ২নং ফাকলি আৰু জুৰিৰপাৰৰ পৰা অভিযান চলাই আটক কৰে চোৰ দুটাক।

Advertisment

আটকাধীন চোৰ দুটা ক্ৰমে ২ নং ফাকলিৰ আখতাৰুল হুছেইন (২০) আৰু জুৰিৰপাৰৰ ছামছুল হক। ধৃত চোৰ দুটাৰ পৰা ৯ টাকৈ চুৰি মোবাইল জব্দ কৰে আৰক্ষীয়ে। বৰ্তমানে অধিক তথ্যৰ বাবে ধৃত চোৰ দুটাক আৰক্ষী সোধাপোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Also Read: ৰঙিয়াৰ ইচ্ছাপুৰত দ্বীনিৱাজ মেহফিল সম্পন্ন...

kampur