/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/30bac090-68ea-46ee-8915-32daa63c784c/Batadrawa.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো 'সেউজ সংঘ'ৰ উদ্যোগত সোমবাৰে চৰকাৰী নিৰ্দেশনা আৰু সেউজ সংঘৰ নিজা পৰিকল্পনা অনুসৰি বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱসটি উদযাপন কৰা হয় ৷
কাৰ্যসূচী অনুসৰি পুৱা ৭:৩০ বজাৰ প্ৰাত:সভাত বিশ্ব পৰিৱেশ দিৱসৰ শপত বাক্য পাঠ কৰাই বিদ্যালয়খনৰ শিক্ষক তথা সেউজ সংঘৰ আহ্বায়ক গুণমনি কলিতাই ৷ ইয়াৰ পাছতে প্ৰত্যেক শ্ৰেণীতে কুইজ প্ৰতিযোগীতা অনুষ্ঠিত কৰা হয় ৷ সমান্তৰালভাবে ৮:৩০ বজাৰ পৰা অনুষ্ঠিত হয় চিত্ৰাঙ্কন প্ৰতিযোগীতা ৷ বিদ্যালয়খনৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশ সচেতনতামূলক ৰং বিৰঙৰ চিত্ৰ আঁকি পৰিৱেশ জীপাল কৰি তোলে ৷ য'ত ছাত্ৰ-ছাত্ৰী সৈতে ছবি আঁকি একাত্ম হৈ পৰে বিধায়িকা শিৱামনি বৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8ce47c94-21cc-42c4-8a37-fefde78f61d6/d9dc5027_efbe_4819_9007_3d3bcd1cee45.jpg)
৯ বজাত বিদ্যালয় চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই ৷ বিধায়িকাগৰাকীক সহযোগ কৰে আন দুগৰাকী অতিথি ক্ৰমে ধিং ৰাজহ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰী আৰু ভাৰতীয় ষ্টেট বেংক বটদ্ৰৱা শাখাৰ পৰিচালক ৰাজীৱ বৰাই ৷ বৃক্ষৰোপনৰ পিছতেই ছাত্ৰ-ছাত্ৰী সকলে 'প্লাষ্টিক এৰক, পৃথিৱী বচাওঁক' শীৰ্ষক পৰিৱেশ সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1e2ae1f2-1251-444d-8436-b2000ff7141c/c3649bf3_c0af_4733_bc94_ef23b4c522ef.jpg)
শেষত অনুষ্ঠিত হোৱা পুৰস্কাৰ বিতৰণ সভাত বিশিষ্ট অতিথি বিধায়িকা শিৱামনি বৰা, ৰাজহ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰী আৰু ভাৰতীয় ষ্টেট বেংক বটদ্ৰৱা শাখাৰ পৰিচালক ৰাজীৱ বৰাই ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সংৰক্ষণ আৰু সজাগতা সম্পৰ্কে প্ৰেৰণামূলক বক্তব্য আগবঢ়ায় আৰু বিভিন্ন প্ৰতিযোগীতাত পুৰস্কাৰ লাভ কৰা শিক্ষাৰ্থী সকলক পুৰস্কাৰ হিচাপে একোটিকৈ গছপুলি প্ৰদান কৰে ৷ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীয়ে অংকন কৰা বিভিন্ন ছবি, পৰিৱেশ সচেতনতা মূলক শ্লোগান, ফটো আদিৰে সজায় পৰাই তোলা হয়।
Also Read: ধিং মহাবিদ্যালয়ত "বিশ্ব পৰিবেশ দিৱস" পালন...