/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/91903dc2-80e4-425c-8857-d0e51319b631/Dhing.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (National Service Scheme) গোটৰ অধীনস্থ ধিং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত, ইক' ক্লাৱ আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ চমুকৈ আই কিউ এ চি (Internal quality assurance cell)ৰ সহযোগত আজি "বিশ্ব পৰিবেশ দিৱস ২০২৩" বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ধিং মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ আৰু ১০ বজাত 'প্লাষ্টিক প্ৰদূষণ সমস্যাৰ সমাধান' শীৰ্ষক এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বক্তৃতা প্ৰতিযোগিতাৰ পাছতে মহাবিদ্যালয়ৰ উপাধ্যক্ষ আব্দুল কাদিৰৰ সঞ্চালনাত অনুষ্ঠিত হয় সজাগতা সভা । সভাত ৰাইডঙীয়া শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত গছ-লতিকা ৰোপণ কৰি আশ্ৰম সদৃশ মনোৰম পৰিৱেশ সৃষ্টি কৰি পৰিচিত হৈ পৰা প্ৰকৃতিপ্ৰেমী শিক্ষক বুধেন চন্দ্ৰ বৰাক গামোচা, গ্ৰন্থ আৰু স্মাৰকৰ সৈতে সম্বৰ্ধনা জনোৱা হয়।
মহাবিদ্যালয়ৰ এন এছ এছ (NSS) গোটৰ তত্বাৱধায়ক শিক্ষক ড০ মুকুট মনি শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত প্ৰকৃতিপ্ৰেমী শিক্ষক বুধেন চন্দ্ৰ বৰাই "শৈশৱৰ পৰাই ছাত্ৰ-ছাত্ৰীক পৃথিৱীক ভাল পাবলৈ, গছ-গছনি ভাল পাবলৈ শিকাব লাগে" বুলি মন্তব্য কৰাৰ লগতে নৱ প্ৰজন্মৰ মাজত খাদ্য অপচয় ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ পোষকতা কৰে।
ধিং মহাবিদ্যালয়, ধিঙৰ খ্ৰীষ্ট জ্যোতি বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, পাব্লিক স্কুল, ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়, আদৰ্শ বিদ্যালয় বটদ্ৰৱা, জাতীয় বিদ্যালয় বটদ্ৰৱা, নগাঁও মহাবিদ্যালয় আদি বিভিন্ন শিক্ষানুষ্ঠানৰ শ-শ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত "বিশ্ব পৰিবেশ দিৱস"ৰ কাৰ্যসূচীত দুপৰীয়া ১২.৩০ বজাৰ পৰা এখনি ডিজিটেল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
প্ৰতিযোগিতাখন পৰিচালনা কৰে সাংবাদিক দিব্যজ্যোতি বৰুৱা আৰু আচিম আহমেদ হাজৰিকাই। অধ্যাপক বিমান কুমাৰ দলে, অজিত শৰ্মা, ডম্বৰুধৰ কাকতিকে আদি কৰি বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত কুইজ প্ৰতিযোগিতা আৰু বক্তৃতা প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হয়।
Also Read: মহানগৰীত জ্যেষ্ঠ নাগৰিকৰ মুখপত্ৰ "জ্যেষ্ঠবাৰ্তা" উন্মোচন...