ৰজাআলি-আলিটাঙনি পথৰ আধাৰশিলা স্থাপন বিধায়ক শশীকান্ত দাসৰ...

ৰজাআলি-আলিটাঙনি পথৰ আধাৰশিলা স্থাপন বিধায়ক শশীকান্ত দাসৰ...

ডিজিটেল সংবাদ, ৰহা : ৰহা সমষ্টিৰ কচুৱাৰ ৰজাআলিৰ পৰা আলিটাঙনি চানখোলালৈ যোৱা গুৰুত্বপূৰ্ণ তথা অতি জৰাজীৰ্ণ পথচোৱা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক শশীকান্ত দাসে ৷ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আচঁনিৰ লোক নিৰ্মাণ বিভাগৰ বটদ্ৰৱা, ধিং আৰু ৰহা সংমণ্ডলৰ অধীনত ২০২২-২৩ বৰ্ষৰ বাবে উক্ত পথটোত প্ৰায় দুই কোটি টকা মোকলাই দিয়া হৈছে বুলি বিভাগীয় বিষয়াই জানিব দিয়ে ৷

মাধৱপাৰা, কচুৱা, লংজাপ আৰু চানখোলা গাওঁ পঞ্চায়তৰ জনসাধাৰণৰ যাতায়াত যোগাযোগৰ একমাত্ৰ পথটিৰ আধাৰশিলা স্থাপন কৰি অতি কম দিনৰ ভিতৰত ঠিকাদাৰ অশোক আগৰৱালাই পথটো সুন্দৰভাবে নিৰ্মাণ কৰিব বুলি বিধায়কে ৰাইজক আশ্বাস প্ৰদান কৰে ৷ আধাৰশিলা স্থাপন উপলক্ষে চমুকৈ অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ও আদৰণি পৰ্ব পৰিচালনা কৰে উদীয়মান যুৱনেতা মতিউৰ ৰহমানে।

মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সহযোগত অনাগত দিনবোৰত ৰহা সমষ্টিৰ বৃহত্তৰ গৰুবাট মৌজাৰ দলং, কাৰ্লভাট, পথ পকীকৰন ,স্কুল কলেজৰ গৃহ নিৰ্মাণকে আদি কৰি বহু উন্নয়ণ কৰিব বুলিও বিধায়ক গৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ সভাত সমাজ সেৱক ইছলাম কাজী, জহুৰ আলী, দলীয় মণ্ডল সভাপতি শান্তিৰাম বৰা, লোক নিৰ্মাণ বিভাগৰ এচ ডি অ হিৰেণ্য দাস, ঠিকাদাৰ অশোক আগৰৱালা, কচুৱা প্ৰেছক্লাবৰ সভাপতি বাহাৰুল ইছলামকে আদি কৰি বহু ব্যক্তি উপস্থিত থাকে ৷

ৰজাআলি-আলিটাঙনি পথৰ আধাৰশিলা স্থাপন বিধায়ক শশীকান্ত দাসৰ...
আজিও উত্তপ্ত মণিপুৰ: জাৰি কৰা হৈছে কাৰ্ফিও, বন্ধ ইন্টাৰনেট...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in