কাছমাৰী স্বাস্থ্য উপকেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

কাছমাৰী স্বাস্থ্য উপকেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

author-image
Asomiya Pratidin
New Update
কাছমাৰী স্বাস্থ্য উপকেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও স্বাস্থ্যখণ্ডত নতুন সংযোজনৰ অংশস্বৰূপে বুধবাৰে দুটাকৈ আধাৰশিলা স্থাপন কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আঁচনিৰ অধীনত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সমীপত নতুনকৈ নিৰ্মাণ হ'বলগীয়া নগাঁও জিলা ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ ভৱনটি আজি বিয়লি আধাৰশিলা স্থাপন কৰে বিধায়ক শৰ্মাই ৷

Advertisment

ইয়াৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আঁচনিৰ অধীনত সমষ্টিটোৰ কাছমাৰী স্বাস্থ্য উপকেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে ৷ আধাৰশিলা স্থাপন কৰি বিধায়ক শৰ্মাই কয় যে, নগাঁও স্বাস্থ্যখণ্ডত নতুনকৈ সংযোজন হ'বলগীয়া ঔষধ পৰিদৰ্শকৰ কাৰ্যালয় আৰু স্বাস্থ্য উপকেন্দ্ৰটোৰ জৰিয়তে সৰ্ব্বসাধাৰণ ৰাইজ যথেষ্ট উপকৃত হ'ব পাৰিব আৰু এক দীৰ্ঘদিনীয়া সমস্যাৰ লাঘব হ'ব ৷

অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়-কৰ্মচাৰীসকলৰ লগতে পঞ্চায়তৰ প্ৰাক্তন প্ৰতিনিধি আৰু বিজেপিৰ কাৰ্যকৰ্তা তথা ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।

Also Read: ঢকুৱাখনাৰ কঢ়াবান্ধ গাঁৱৰ বয়স্ক ব্যক্তি নিৰুদ্দেশ

bebejiya RUPAK SARMA health