ঢকুৱাখনাৰ কঢ়াবান্ধ গাঁৱৰ বয়স্ক ব্যক্তি নিৰুদ্দেশ

ঢকুৱাখনাৰ কঢ়াবান্ধ গাঁৱৰ বয়স্ক ব্যক্তি নিৰুদ্দেশ

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনাৰ সদৰ থানাৰ অন্তৰ্গত ১নং বান্তৌৰ কঢ়াবান্ধ গাঁৱৰ প্ৰভাত চমুৱা (৫০) নামৰ এজন ব্যক্তি সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। বিগত সোমবাৰে বিয়লি প্ৰভাত চমুৱা নামৰ চহা ব্যক্তিজনে সমীপৰ পথাৰৰ পৰা পশুধন আনিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ বুধবাৰপৰ্যন্ত উভতি অহা নাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

ব্যক্তিজনৰ আকস্মিক সন্ধানহীনতাত স্তম্ভিত পৰিয়ালবৰ্গই আত্মীয় স্বজনৰ ঘৰত খবৰ কৰিও কোনো সন্ধান লাভ নকৰাত উপায়ন্তৰ ঢকুৱাখনা সদৰ আৰক্ষী থানাত অৱগত কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত যাৱতীয় অনুসন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি লিখাৰ সময়লৈকে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

পৰিয়ালটোৰ মুৰব্বীগৰাকীৰ আকস্মিক অবৰ্তমানত চিন্তিত,উদ্বিগ্ন। দুৰ্ভগীয়া পৰিয়ালটোৱে কোনোবা সুহৃদ ব্যক্তিয়ে নিৰুদ্দিষ্ট ব্যক্তিগৰাকীৰ সন্ধান পালে সমীপৰ আৰক্ষী থানা অথবা 70862 63376 নম্বৰত যোগাযোগ কৰাৰ কাতৰ আহ্বান জনাইছে।

ঢকুৱাখনাৰ কঢ়াবান্ধ গাঁৱৰ বয়স্ক ব্যক্তি নিৰুদ্দেশ
জাগীৰোডত টাটাৰ স্বদেশী অর্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in