/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/447bc4c4-4451-47ae-92d9-90ff2476315a/52.jpg)
ডিজিটেল সেৱা,কঠীয়াতলী : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তুৰ্গত কঠীয়াতলীত ৩টা নতুন পথৰ শুভ উদ্ধোধন কৰে বিধায়ক জিতু গোস্বামীয়ে । আনহাতে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত বিধায়কগৰাকীয়ে কঠীয়াতলী বজাৰত পকী ড্ৰেইনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।
উক্ত আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰা পথকেইটাৰ প্ৰথমটো হ'ল ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নেপালী খুটিলৈ, দ্বিতীয়টো পটিয়াপামলৈ আৰু কন্দলীৰ পৰা শগুনবাহী চাহ বাগানলৈ তৃতীয়টো পকী পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক জিতু গোস্বামীয়ে। আধাৰশিলা স্থাপন কৰি 'আমি কাজিৰঙা সমষ্টিত ৰেকৰ্ড গঢ়িম আৰু অসমৰ ১৪ টা সমষ্টিত বিজেপি জয়ী হব' বুলি বিধায়ক গোস্বামীয়ে মন্তব্য কৰে ।
বিধায়কগৰাকীৰ এই কাৰ্যসূচীত অংশ লয় কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা,বামুনি মণ্ডল বিজেপিৰ সভাপতি অভিষেশ সোম আদি কৰি দলীয় কৰ্মকৰ্তাসকলৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।
Also Read: কলিয়াবৰত হাজাৰী ভাওনাৰ আয়োজন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us