কলিয়াবৰত হাজাৰী ভাওনাৰ আয়োজন

কলিয়াবৰত হাজাৰী ভাওনাৰ আয়োজন

ডিজিটেল সংবাদ,কলিয়াবৰঃ শংকৰী কলা-কৃষ্টিৰে উখল-মাখল হৈ থকা ঐতিহ্যমণ্ডিত কলিয়াবৰত এইবেলি ফাল্গুৎসৱৰ লগত সংগতি ৰাখি তিনিদিনীয়াকৈ আয়োজন কৰিবলৈ লোৱা হৈছে হাজাৰী ভাওনা উৎসৱ -২০২৪ । হাটবৰ হাজাৰৰ উদ্যোগত আৰু কলিয়াবৰৰ হাজাৰসমূহৰ সহযোগত হাটবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ২৩, ২৪ আৰু ২৫ মাৰ্চত অনুষ্ঠিত হ'ব লগা হাজাৰী ভাওনা উৎসৱৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম ইতিমধ্যে পূৰ্ণ গতিত চলি থকা বুলি জানিবলৈ দিয়ে।

কাৰ্যসূচী অনুসৰি উৎসৱৰ প্ৰথম দিনা সন্ধিয়া গন্ধ বাদনেৰে উৎসৱৰ পাতনি মেলা হ'ব। দ্বিতীয় দিনা পুৱা প্ৰাতঃ প্ৰসংগৰ পাছতে পতাকা উত্তোলন কৰিব হাজাৰী ভাওনা পৰিচালনা সমিতিৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই।

ইয়াৰ পাছতে স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী মুকলি কৰা হ'ব। শোভাযাত্ৰা কাৰ্যসূচী মুকলি কৰিব সমাজ কৰ্মী মণিমাধৱ মহন্তই। দুপৰীয়া নাম-প্ৰসঙ্গৰ পাছতে সন্ধিয়া ৬-০০ বজাত ভাওনাৰ শিল্পীসকলক আদৰণি জনোৱা হ'ব।

নিশা ৮-০০ বজাৰ পৰা চাৰিখন মণ্ডপত ভাওনা পৰিবেশিত হ'ব। প্ৰথম খলাত উত্তৰ কলিয়াবৰ হাজাৰে পৰিবেশন কৰিব 'জৰাসন্ধ বধ'। উদ্বোধন কৰিব সাংস্কৃতিক কৰ্মী পবিত্ৰ প্ৰাণ বৰাই। দ্বিতীয় খলাত চতিয়াল হাজাৰে পৰিবেশন কৰিব 'সুকৰ্ণ ৰজাৰ পুত্ৰ লাভ'। উদ্বোধন কৰিব বিশিষ্ট শিল্পী বিদ্যাসাগৰে।

তৃতীয় খলাত হাটবৰ হাজাৰে পৰিবেশন কৰিব 'ৰাম বিজয়'। উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। চতুৰ্থ খলাত কলিয়াবৰৰ একশৰণ ভাগৱতী সমাজে পৰিবেশন কৰিব 'সীতা হৰণ বালীবধ' । ভাওনা উদ্বোধন কৰিব সাংস্কৃতিক কৰ্মী তথা বাঘৰ গঞা সত্ৰৰ সত্ৰাধিকাৰ হিৰু প্ৰসাদ মহন্তই।

দ্বিতীয় দিনা পুৱা প্ৰাতঃ প্ৰসংগৰ পাছতে নাম- প্ৰসংগ অনুষ্ঠিত হ'ব। বিয়লি হাজাৰী ভাওনা উৎসৱ উদযাপন সমিতিৰ সভাপতি কেশৱ মহন্তৰ সঞ্চালনাত ধৰ্ম আলোচনা সভা অনুষ্ঠিত হ'ব। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কৃষি মন্ত্ৰী অতুল বৰা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই।

নিৰ্দিষ্ট বক্তাৰ ভাষণ দিব বিশিষ্ট গৱেষক ড০ প্ৰদীপ জ্যোতি মহন্ত আৰু ড০ কৰবী ডেকা হাজৰিকাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা, বি জে পি নেতা দিপ্লুৰঞ্জন শৰ্মা, মহকুমাধিপতি লিজা তালুকদাৰ আদি।

স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে। ইয়াৰ পাছতে নিশা ৮-০০ বজাৰ পৰা ভাওনা আৰম্ভ কৰিব। প্ৰথম খলাত সোণাৰি গাওঁ হাজাৰে পৰিবেশন কৰিব 'শৃংগী মুনিৰ অভিশাপ'। উদ্বোধন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক দীপাংকৰ বিশ্ব দত্তই।

দ্বিতীয় খলাত পশ্চিম কলিয়াবৰ হাজাৰে পৰিবেশন কৰিব ' পাণ্ডৱৰ ৰাজসুয় যজ্ঞ' । উদ্বোধন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ফণী হাজৰিকাই। তৃতীয় খলাত সমন্বিত যুৱ তীৰ্থই পৰিবেশন কৰিব 'ৰুক্মিণী হৰণ' । উদ্বোধন কৰিব সত্ৰীয়া সংস্কৃতিৰ সাধক যজ্ঞো ৰাম বৰাই আৰু চতুৰ্থ খলাত বৰভগীয়া হাজাৰে পৰিবেশন কৰিব 'পিতা-পুত্ৰৰ যুদ্ধ'. উদ্বোধন কৰিব মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজৰ ৰূপেশ্বৰ হাজৰিকাই।

উল্লেখ্য যে,আহোম ৰাজত্ব কালত ৰাজ্যৰ প্ৰতিৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিগণিত হোৱা কলিয়াবৰে তাহানিৰ পৰা সাংস্কৃতিক দিশতো অগ্ৰনী ভূমিকা পালন কৰি আহিছে। ইয়াৰ লগে লগে হাজাৰী ভাওনাও চেগা চোৰোকাকৈয়ে পালন কৰি অহা হৈছে।

সম্প্ৰতি নৱ প্ৰজন্মক এই বৰ্ণাঢ্য কৃষ্টিৰে চিনাকি কৰি দিয়াৰ মহান উদেশ্যেৰে এইবেলি আগবাঢ়ি আহিল কলিয়াবৰ ৰাইজ। ইতিমধ্যে হাটবৰ হাজাৰৰ নামঘৰ প্ৰাংগণসহ চাৰিখন খলা, ভোজনালয়, তোৰণ আদি নিৰ্মাণ কাৰ্য ধুমধামেৰে চলি থকা দেখা গৈছে। হাটবৰ তথা কলিয়াবৰ বাসী ৰাইজৰ এনে মহান প্ৰচেষ্টাক এতিয়া সকলোৱে ভুৰি ভুৰি প্ৰশংসা কৰিছে।

কলিয়াবৰত হাজাৰী ভাওনাৰ আয়োজন
মায়ং প্ৰাথমিক বিদ্যালয়ত বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in