নগাঁৱৰ ৮ সহস্ৰাধিক শিশুক সামৰি মিছন ইন্দ্ৰধনুষ ৫.০

নগাঁৱৰ ৮ সহস্ৰাধিক শিশুক সামৰি মিছন ইন্দ্ৰধনুষ ৫.০

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ৮ সহস্ৰাধিক শিশুক সামৰি মিছন ইন্দ্ৰধনুষ ৫.০

ডিজিটেল সংবাদ,নগাঁও : ৰাজ্যৰ বাকী অংশৰ লগতে নগাওঁ জিলাতো জিলাখনৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সভাক্ষত জিলা পৰ্যায়ত ইনটেনচিফাইড মিছন ইন্দ্ৰধনুষ ৫.০ (আই এম আই ৫.০)ৰ উন্মোচন কৰা হয়। নগাঁও জিলাৰ উন্নয়ন আয়ুক্ত সত্যজিৎ চেতিয়া, সহকাৰী আয়ুক্ত জেবিন গুলনাৰ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰূপজ্যোতি মহন্ত, ৰাজ্যিক পৰ্যবেক্ষক চিকিৎসক মেজৰ ডি জে বৰা, বি পি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ লখিধৰ দাস আৰু জিলা প্ৰতিষেধক বিষয়া ডাঃ মুকুট চন্দ্ৰ ডেকাৰ উপস্থিতিত অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।

Advertisment

আই এম আই ৫.০ৰ কাৰ্যসূচী তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায় ২০২৩ চনৰ ০৭ আগষ্টৰ পৰা ২০২৩ চনৰ ১২ আগষ্টলৈকে চলিব, তাৰ পিছত ২০২৩ চনৰ ১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ দ্বিতীয় পৰ্যায় আৰু ০৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ তৃতীয় পৰ্যায় অনুষ্ঠিত হ’ব । এই আই এম আই ৫.০ৰ অন্তৰ্গত জিলাখনৰ ০ৰ পৰা ৫ বছৰ বয়সৰ ৮০০০তকৈ অধিক ৰৈ যোৱা বা বাদ পৰা শিশুক তেওঁলোকৰ বয়স-নিৰ্দিষ্ট ভেকচিনৰ বাবে সামৰি লোৱা হ'ব, তথা জিলাখনত ৪০০ তকৈ অধিক পৰিকল্পিত শিবিৰৰ সৈতে প্ৰায় ১৮০০ গৰ্ভৱতী মহিলাক সামৰি লোৱা হ'ব।

উপস্থিত লোকসকলৰ মাজত ০ৰ পৰা ৫ বছৰৰ ভিতৰৰ কিছুসংখ্যক শিশুক এই উদ্বোধনী অনুষ্ঠানত ভেকচিন প্ৰদান কৰা হয়। অনুষ্ঠানত নগাঁও জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া, এন.এইচ.এম, ডব্লিউ.এইচ.অ’-ভাৰত, ইউনিচেফ আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল তথা কিছুসংখ্যক হিতাধিকাৰীয়েও অংশগ্ৰহণ কৰে।

Also Read: দৰঙত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ টীকাকৰণ সপ্তাহৰ শুভ উদ্বোধন

Mission Indradhanush children