/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/bbf4be85-de65-43b7-bd91-05250fdc54fd/tikakaran.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈ অসামৰিক চিকিৎসালয়ত সোমবাৰে আয়োজিত এক অনুষ্ঠানত দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে জিলাখনত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ টীকাকৰণ সপ্তাহৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে, ০-৫ বছৰ বয়সৰ সকলো শিশুৰ টীকাকৰণ সুনিশ্চিত কৰাৰ বাবে এই অভিযান আৰম্ভ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/853fde8a-6d97-4257-b85c-ffec08a477a0/c4fb3457_a685_46ea_9ad7_a05188d21614.jpg)
সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ৰ অধীনত টীকাকৰণৰ পৰা দৰং জিলাৰ ০-৫ বছৰ বয়সৰ কোনো ল'ৰা-ছোৱালী আৰু গৰ্ভৱতী মহিলা যাতে বাদ পৰি নাযায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই অভিযান সফল কৰি তুলিবলৈ তেওঁ স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি আহ্বান জনায়। উল্লেখ্য যে, দৰং জিলাত এই অভিযানৰ অধীনত ২,৯৩৫ টা শিশু আৰু ৬৭৭ গৰাকী গৰ্ভৱতী মহিলাৰ টীকাকৰণৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ বাবে জিলাখনৰ বিভিন্ন স্থানত মুঠ ২৭৮ টা টীকাকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰ মাজৰে ৫৫ টা স্পৰ্শকাতৰ অঞ্চলত অৱস্থিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/be760bb5-aa72-455c-97c0-26a8e5de9461/dacd111b_c962_4e6b_8c94_7076b5433212.jpg)
ইয়াৰোপৰি জিলা আয়ুক্তগৰাকীয়ে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আয়ুষ বহিঃ বিভাগৰো শুভ উদ্বোধন কৰে । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) গোপাল শৰ্মা, দৰং জিলাৰ যুটীয়া সেৱা সঞ্চালক নিৰ্মল কুমাৰ বেৰীয়া, জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c4b7d600-8992-4a01-ae0f-f9d7c15b26bf/f535ff04_b326_45cd_9b71_8d6ae18569b1.jpg)
Also Read: পশ্চিম মাছখোৱাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কেলেংকাৰীৰ অভিযোগ