লাওখোৱাত ৰাহুল গান্ধীৰ সমদল লৈ দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ

লাওখোৱাত ৰাহুল গান্ধীৰ সমদল লৈ দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ

ডিজিটেল সংবাদ নগাঁও : কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীৰ কাৰ্যসূচীত সংঘটিত হৈছে অঘটন ৷ কলিয়াবৰৰ পৰা নলতলি পথেৰে দেওবাৰে সন্ধিয়া ৰাহুল গান্ধীৰ কনভয় যাত্ৰা কৰি আমবাগানত সন্ধিয়া চাহ খাবলৈ হোটেলত প্ৰৱেশ কৰে ৷

হোটেলত চাহ খাবলৈ প্ৰৱেশ কৰিব বিচাৰোতে নেতাজনক একাংশ লোকে বাধা প্ৰদান কৰে ৷ ৰাহুল গান্ধী মুৰ্দাবাদ ৰাহুল গান্ধী গ’ বেক আদি ধ্বনি প্ৰদান কৰি নেতাজনক বাধা প্ৰদান কৰে যদিও সকলো বাধা নেওচি হোটেলত চাহ সেৱন কৰে ৰাহুল গান্ধীয়ে ৷ লগতে আমবাগানত সেই সময়ত সমবেত সাধাৰন লোকৰে মতবিনিময় কৰে ৷ হোটেলত বাধা প্ৰদান কৰা সকল বিজেপি কৰ্মী বুলি জানিব পৰা গৈছে ৷

প্ৰায় ৬০ খন গাড়ীৰে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত লাওঁখোৱাত একাংশ দুস্কৃতিকাৰীয়ে সমদলত অংশ লোৱা একাংশৰ ওপৰত আক্ৰমণ কৰাৰ কথাও পোহৰলৈ আহিছে ৷ আমবাগানৰ পিছত প্ৰায় ৬-৩০ বজাত লাওখোৱাত ন্যায় যাত্ৰাৰ সমদলত অংশ লোৱা লোকৰ ওপৰত চলোৱা আক্ৰমনত কেবাজনো লোক আহত হয় ৷

আক্ৰমনকাৰীয়ে শিলগুটি, ফৰমুটি নিক্ষেপ কৰাক লৈ উত্তেজনাৰ সৃষ্টি হয়। অৱশ্যে এই আক্ৰমণত ৰাহুল গান্ধী থকা মূল সমদলটোৰ কোনো ক্ষতি হোৱা নাই ৷ পূৰ্ব নিৰ্দ্ধাৰিত সূচী অনুসৰি ৰাহুল গান্ধী নিশা ৰূপহীহাটত থাকিব ৷ ৰূপহী হাটৰ ঔঅনাত নিশা কটাব কংগ্ৰেছ যুবৰাজে ৷

লাওখোৱাত ৰাহুল গান্ধীৰ সমদল লৈ দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ
দক্ষিণপাটত টেক্টৰ দুৰ্ঘটনাত এজন নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in