/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident
ডিজিটেল সেৱা,কঠীয়াতলী : নগাঁৱৰ দক্ষিণপাটত সংঘটিত হৈছে টেক্টৰ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পথাৰত বাগৰি পৰিল মালভৰ্তি এখন টেক্টৰ ৷ ফলত থিতাতে নিহত হয় টেক্টৰ চালকজন আৰু এজন আহত হয়।
নিহত চালকজনৰ নাম ৰকিবুল হুছেইন বুলি জানিব পৰা গৈছে ৷ সংকটজনক অৱস্থাত দেৱজিৎ গোঁহাইক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ নগাঁৱৰ পৰা হাৰ্ডৱেৰ দোকানৰ মাল কঢ়িয়াই কামপুৰলৈ গৈ আছিল টেক্টৰখনে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত চালকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে ৷
Also Read: টেঙাখাতত কেন্দ্ৰীয় মে- ডাম মে-ফী উদযাপনৰ প্ৰস্তুতি