ধিঙত ৩ পাষণ্ডৰ কামনাৰ বলি নাবালিকাঃ ভুক্তভোগীৰ অৱস্থা সংকটজনক...

ধিঙত ৩ পাষণ্ডৰ কামনাৰ বলি নাবালিকাঃ ভুক্তভোগীৰ অৱস্থা সংকটজনক...

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

ei muhurtar khabar

ডিজিটেল সংবাদ,ধিংঃ নগাঁও জিলাৰ ধিঙত সংঘটিত হৈছে জঘন্য ঘটনা। টিউচন কৰি ঘৰলৈ গৈ থকা অৱস্থাত এগৰাকী নাবালিকাক দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ যায়। ৰাইজে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে নাবালিকা গৰাকীক।

Advertisment

পথাচাৰীৰ পৰা পোৱা তথ্য অনুসৰি ৩ পাষণ্ডই ধৰ্ষণ কৰি পেলাই থৈ গৈছিল ভুক্তভোগীক। ছাত্ৰী গৰাকীক মুমূৰ্ষু অৱস্থাত ধিং FRUত ভৰ্তি কৰে যদিও অৱস্থা সংকটজনক হোৱাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে।

ইফালে ঘটনাস্থলীত ধিং আৰু নগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত ধিং আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত শুকুৰবাৰে পুৱা ৫বজাৰ পৰা ধিং বজাৰ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ঘোষণা কৰিছে।

Also Read: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্থাপন হ'ব ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ব্ৰঞ্জৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি...

nagaon dhing