/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/kpbnw6ew/AP FOR WEB jayanta sir.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যৰ উচ্চ শিক্ষাৰ অন্যতম প্রাণকেন্দ্র ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সাদিন-প্রতিদিন আৰু হেমকোষ প্রকাশনৰ উদ্যোগত তথা বিশ্ববিদ্যালয়খনৰ সহযোগিতাত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এটি ব্ৰঞ্জৰ পূর্ণাবয়ৱ প্রতিমূর্তি স্থাপন কৰা হ'ব। বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ ইন্দিৰা মিৰি প্রেক্ষাগৃহত আয়োজিত এখনি সম্বর্ধনা অনুষ্ঠানত এই কথা ঘোষণা কৰে সাদিন-প্রতিদিনৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/bg8rfzyw/6aa78412-ad8e-4a08-a511-00132d892c34.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশৰ যোগেদি দৃষ্টিহীনসকললৈ আগবঢ়োৱা মহৎ অৱদান আৰু অসমীয়া ভাষা-সাহিত্যক ইয়াৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ স্বীকৃতি হিচাপে ডিব্রুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষই জয়ন্ত বৰুৱাক সম্বর্ধনা জ্ঞাপন কৰিবলৈ এক অনুষ্ঠানৰ আয়োজন কৰে। গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ উপাচার্য প্রাধ্যাপক জিতেন হাজৰিকা, পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে অসমীয়া প্রতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক ফুলাম গামোচা, পাটৰ গামোচা, গ্রন্থ আৰু সম্বর্ধনা পত্রৰে সম্বর্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/577r1kq6/c514fcfa-4516-4f05-b3f1-90b1aaaf2f5e.jpg)
অনুষ্ঠানটিত ভাষণ প্রসংগত জয়ন্ত বৰুৱাই বিশ্ববিদ্যালয় কর্তৃপক্ষই ভাষাৰ ওজাৰ প্রতিমূর্তি স্থাপনৰ বাবে আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে কোনো ব্যক্তি বা প্রতিষ্ঠানে কোনো এটা কামৰ বাবে যেতিয়া আগবাঢ়ে আৰু সেই কাম যেতিয়া সুকলমে সম্পূর্ণ হয় তেতিয়া সেই ব্যক্তি বা প্রতিষ্ঠানে এটা তৃপ্তি লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/mjbuc0ks/8c322900-0e1f-437a-96d3-d2fb7ff5777a.jpg)
যেতিয়া সেই কামটোক সমাজখনে স্বীকৃতি প্রদান কৰে, তেতিয়া সেই ব্যক্তি বা প্রতিষ্ঠানে পৰম আনন্দ লাভ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষই মোক যি মৰম আৰু আদৰ যাঁচিলে তাৰ বাবে মই কর্তৃপক্ষৰ ওচৰত কৃতজ্ঞ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/5v9kri27/747f06a4-50c5-4857-9ae9-4631fe3365ad.jpg)
অনুষ্ঠানত সমবেত শিক্ষার্থীসকলক উদ্দেশ্যি তেওঁ কয়- ১৮৩৬ চনত ব্রিটিছ শাসনৰ সময়ত অসমীয়া ভাষাটোক এলাগী কৰি অসমত বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্রদান কৰিছিল। কিন্তু সেই সময়ত আমাৰ পূৰ্বপুৰুষসকলে আপ্রাণ চেষ্টা কৰাৰ সুবাদত আমি আমাৰ ভাষাটো ঘূৰাই পালো।
সেই মহান পণ্ডিতসকলৰ ভিতৰত আছিল পদ্মনাথ ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আৰু অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আদি।
হেমচন্দ্র বৰুৱাই প্রথমখন অসমীয়া ব্যাকৰণৰ লগতে হেমকোষ প্রণয়ন কৰি অসমীয়া ভাষাক নতুন প্রাণ প্রতিষ্ঠা কৰিছিল। এটা ভাষাই ব্যাকৰণ, অভিধান অবিহনে কেতিয়াও স্থায়িত্ব নাপায়। কিন্তু হেমচন্দ্র বৰুৱাই সেই কামখিনি কৰি যোৱাৰ বাবে আমাৰ অসমীয়া ভাষাটো চহকী হিচাপে পৰিচিত হৈ আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/c8rs2qxp/f5aa49e6-3d9b-4f4d-a9eb-8d3989bbd6a1.jpg)
১৯০০ চনত হেমকোষৰ প্ৰথমটো সংস্কৰণ প্রকাশ হোৱাৰ পাচত আমাৰ ককা আনন্দৰাম বৰুৱাই চাৰিটা সংস্কৰণ সম্পাদনা কৰিছিল বুলি উল্লেখ কৰে। লগতে বৰুৱাই কয়- তাৰ পাচত মোৰ পিতৃ দেৱানন্দ বৰুৱাই চতুর্থদশ সংস্কৰণলৈ প্রকাশ কৰিছিল। চতুর্থ প্রজন্মৰ প্রতিনিধি হিচাপে আমিও প্রায় ৩৬০০ নতুন অসমীয়া শব্দৰ সংযোজনেৰে হেমকোষৰ পঞ্চদশ সংস্কৰণটো প্রকাশ কৰি উলিয়াইছো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/0wjurkrd/88550ab8-4cac-4182-99bb-1fcd96e8c699.jpg)
উক্ত অনুষ্ঠানত জয়ন্ত বৰুৱাই আৰু কয় যে দৃষ্টিহীনসকলে ব্যাকৰণ বা অভিধান অবিহনেই শিক্ষা গ্রহণ কৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেওঁলোকৰ সহায় হোৱাকৈ প্রথমে হেমকোষৰ ব্ৰেইল সংস্কৰণৰ কাম হাতত লৈছিলো। অৱশ্যে এই কাম যথেষ্ট প্রত্যাহ্বানমূলক আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/x2tj9z5b/82f63321-56d8-4d78-b57e-68b4353f0d0f.jpg)
১৪০০ পৃষ্ঠাৰ হেমকোষখন ব্রেইলত প্রকাশ কৰোতে পৃষ্ঠাৰ সংখ্যা হৈছিল ১০২৭৯ খন আৰু খণ্ড হৈছিল ২৭টা। বিশেষ ছফ্টৱেৰ আমি ডেভেলপ কৰিছিলো। প্রসংগতে তেখেতে কয় যে আমি কোনো ব্যৱসায়িক দিশৰ কথা চিন্তা কৰি এই কাম কৰা নাছিলো। দিব্যাংগসকলে যাতে অসমীয়া ভাষাটো শুদ্ধকৈ শিকিব পাৰে তেনে এক মানবীয় দৃষ্টিভংগীৰে আমি এই পদক্ষেপ লৈছিলো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/8pscbqyn/a61bde3f-7e11-4ed3-9a31-a776f3258696.jpg)
আমি হেমকোষ আৰু হেমচন্দ্র বৰুৱাই প্ৰণয়ন কৰি থৈ যোৱা অসমীয়া ব্যাকৰণ ব্রেইলত প্রকাশ কৰাই নহয়, দিব্যাংগসকলৰ বাবে থকা প্রতিখন বিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানসমূহক বিনামূলীয়াকৈ প্রদান কৰিছো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/368uoqtl/3b6934da-aaf5-4cd6-bcdc-47875f603786.jpg)
গীনিজ ৰেকৰ্ড বুকত স্থান পাবলৈ আমি লক্ষ্য লোৱা নাছিলো। কিন্তু আমাৰ লগতে আমাৰ জাতিটো-ভাষাটো সৌভাগ্যৱান যে গীনিছ বুক অব্ ৱৰ্ল্ড ৰেকর্ডে এই অভিধানখনক দি লার্জেস্ট বা লেংগুবেল ব্রেইল হিচাপে স্বীকৃতি প্রদান কৰিলে।
এই স্বীকৃতিয়ে অসমীয়া ভাষাটোক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিলে। এয়াই আমাৰ বাবে পৰম সন্তোষৰ কথা।
হেমচন্দ্ৰ বৰুৱাৰ প্রতিমূর্তি ডিব্রুগড় বিশ্ববিদ্যালয় চৌহদত স্থাপনৰ বাবে সুবিধা দিয়াৰ বাবে বৰুৱাই পুনৰবাৰ বিশ্ববিদ্যালয় কর্তৃপক্ষক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ভাষাৰ ওজাগৰাকীৰ প্ৰতিমূর্তি স্থাপন হোৱাৰ লগে লগে নৱ প্রজন্মই তেখেতক স্মৰণ কৰিবলৈ সুবিধা পাব বুলিও তেওঁ উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/8i8y28t2/4ca90707-3483-4999-ad48-bf4e9f930cc4.jpg)
প্ৰাৰম্ভতে আদৰণি ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়খনৰ উপাচার্য ড° জিতেন হাজৰিকাই। তেঁও কয়, জয়ন্ত বৰুৱা কেৱল এখন বাতৰি কাকত বা এটা প্রতিষ্ঠানৰ মুৰব্বী নহয়। তেখেতে আমাৰ অসমীয়া জাতিৰ কাৰণে কোনখিনিত দি আছে আৰু কোনখিনিত দিবলৈ যত্ন কৰি আছে সেয়াহে আচল কথা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/p8mj7cgi/8403cbde-29a2-433b-ae73-0df1119e3afd.jpg)
বিশেষভাৱে সক্ষম ছাত্র-ছাত্রীসকলৰ বাবে হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি তেখেতে যি অমূল্য অৱদান আগবঢ়ালে সেয়া চিৰস্মৰণীয় হৈ ৰ'ব। প্ৰসংগতে উপাচার্যগৰাকীয়ে আক্ষেপেৰে কয় যে আমি বহু আগতেই তেখেতক সম্বর্ধিত কৰিব লাগিছিল। কিন্তু আজি পলমকৈ হ'লেও সেই সুযোগ লাভ কৰাত আমি নথৈ আনন্দিত হৈছো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/fy33mjqt/bb74c074-051e-44a0-b310-27bf0d450f09.jpg)
সাদিন-প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰীগৰাকীয়ে ভাষাৰ ওজাগৰাকীৰ প্রতিমূর্তি স্থাপন কৰিবলৈ আগবাঢ়ি অহাৰ বাবে উপাচার্যগৰাকীয়ে তেখেতৰ শলাগ লয়। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ পৰমানন্দ সোনোৱালে জয়ন্ত বৰুৱাই হেমকোষৰ ব্ৰেইল সংস্কৰণ প্রকাশ কৰি বিশেষভাৱে সক্ষম ছাত্র-ছাত্রী আৰু গৱেষকসকলৰ বিদ্যায়তনিক যাত্ৰাত যি পোহৰ ছটিয়াই তাৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষই কৃতজ্ঞ বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/hqy9hxf1/9ef6c1a5-0205-4a59-b5ef-b5b6fff597a7.jpg)
তেখেতৰ মহানুভৱতাৰ যোগেদি সমগ্র জাতিটোৱে জগত সভাত জিলিকি উঠিল বুলিও তেওঁ উল্লেখ কৰে। বিশ্ববিদ্যালয়খনৰ ৰসায়ন বিভাগৰ জ্যেষ্ঠ বৈজ্ঞানিক বিষয়া তথা বিশ্ববিদ্যালয়খনৰ সামূহিক অনাতাঁৰ কেন্দ্র জ্ঞান মালিনীৰ কেন্দ্র সঞ্চালক ড° জিতুৰঞ্জন চেতিয়াই আঁত ধৰা অনুষ্ঠানটোত অসমীয়া প্রতিদিনৰ সহযোগী সম্পাদক প্রকাশ মহন্ত আৰু ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক প্রবীৰ চক্রৱর্তীকো বিশ্ববিদ্যালয় কর্তৃপক্ষই গামোচাৰে সম্ভাষণ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/6rw91vsh/78db152f-c6f9-4a19-a244-145bcd563e83.jpg)
অনুষ্ঠানটিত বিশ্ববিদ্যালয়খনৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ সঞ্চালক ড° কান্তা কাবেৰী সোনোৱালেও বৰুৱাক সম্বর্ধনা যাঁচে। আজি সন্ধিয়া জয়ন্ত বৰুৱাই প্রথিতযশা সাহিত্যিক ড° নগেন শইকীয়াক তেখেতৰ বাসগৃহ ‘বর্ণমালা’ত সাক্ষাৎ কৰে। আনহাতে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সামূহিক অনাতাঁৰ কেন্দ্র জ্ঞান মালিনীয়ে জয়ন্ত বৰুৱাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে।
Also Read: টেঙাজানত ৭০০ কাৰ্টুন মিঠা তেল উদ্ধাৰ