চুৰি কাৰ্যৰে জড়িত থকাৰ অভিযোগত কঠিয়াতলীৰ পৰা নাবালকক আটক

চুৰি কাৰ্যৰে জড়িত থকাৰ অভিযোগত কঠিয়াতলীৰ পৰা নাবালকক আটক

author-image
Asomiya Pratidin
New Update
চুৰি কাৰ্যৰে জড়িত থকাৰ অভিযোগত কঠিয়াতলীৰ পৰা নাবালকক আটক

ডিজিটেল সংবাদ, কামপুৰ : শুকুৰবাৰে কঠীয়াতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এক অভিযান এটা পোৱালী চোৰক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে,বৃহস্পতিবাৰে নিশা কঠীয়াতলী পহৰা চকীৰ কাষতে মিণ্টু নাথ আৰু চেনীৰাম তামুলীৰ ঘৰৰ দৰ্জা ভাঙি এক চাফাই অভিযান চলাইছিল।

Advertisment

উক্ত ঘটনাৰে সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে এটা নাবালকক আটক কৰে।জানিব পৰামতে, চোৰে মিণ্টু নাথৰ ঘৰৰ পৰা আলমিৰা খুলি নগদ ৮০০০ টকা, সোণৰ খাৰু এযোৰ,ৰূপৰ চেইন এডাল আৰু সঞ্চয় বাকচ এটালৈ যায়।

ইফালে চেনীৰাম তামুলীৰ ঘৰৰ আলমিৰা খুলি ৰূপৰ চেইন ৩ ডাল, আঙুঠি ৪ টা আৰু কেঁচা সোণৰ কিছু অলংকাৰ লৈ পলাই যায়। দুয়োজন লোকৰ অভিযোগৰ ভিত্তিত আজি পুৱা আৰক্ষীয়ে ঘটনাস্থলীত গৈ তদন্ত আৰম্ভ কৰে।

এই তদন্তৰ ভিত্তিত পূৱ কাৱৈমাৰী গাঁৱৰ পৰা সন্দেহ হোৱা এজন ১৪ বছৰীয়া ল'ৰাক সোধা-পোছাৰ বাবে আৰক্ষী চকীলৈ আনে। আনহাতে আৰক্ষীৰ এনে তৎপৰতাত সকলোৱে প্ৰশংসা কৰিছে। অধিক তথ্যৰ বাবে কঠীয়াতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিকু বৰ্মণে জেৰা অব্যাহত ৰাখিছে।

Also Read: ঢকুৱাখনাত চিৰদিনলৈ বন্ধ হ'ব ১৬৭ টা অংগনৱাড়ী কেন্দ্ৰ

nagaon police kampur