ঢকুৱাখনাত চিৰদিনলৈ বন্ধ হ'ব ১৬৭ টা অংগনৱাড়ী কেন্দ্ৰ

ঢকুৱাখনাত চিৰদিনলৈ বন্ধ হ'ব ১৬৭ টা অংগনৱাড়ী কেন্দ্ৰ

ডিজিটেল সংবাদ,ঢকুৱাখনা : ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পাছত এইবাৰ শেন চকু পৰিছে সমাজ কল্যাণ বিভাগৰ ওপৰত। শিক্ষা বিভাগৰ বিদ্যালয়সমূহৰ একত্ৰিতকৰণৰ পাছত এইবাৰ চৰকাৰে পদক্ষেপ লৈছে সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত অংগনৱাড়ী কেন্দ্ৰসমূহ একত্ৰিত কৰাৰ।

ৰাজ্যখনৰ সৰ্বমুঠ ১৯৬ টা সক্ৰিয় সংযুক্ত শিশু উন্নয়ন প্ৰকল্পৰ ভিতৰত কম সংখ্যক ছাত্ৰ-ছাত্ৰী বিশিষ্ট এনেবোৰ কেন্দ্ৰ আৰু মিনি অংগনৱাড়ী কেন্দ্ৰসমূহ চিৰকাললৈ বন্ধ কৰাৰ এক প্ৰক্ৰিয়াত অন্তিম মোহৰ মাৰিছে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত সমাজ কল্যাণ বিভাগে সংশ্লিষ্ট প্ৰকল্পসমূহলৈ একত্ৰিতকৰণৰ তালিকা প্ৰেৰণ কৰিছে ।

এই কেন্দ্ৰ একত্ৰিতকৰণ আৰু সমানুপাতিকৰণ ব্যৱস্থাৰ আলমত লখিমপুৰ জিলা সমাজ কল্যাণ বিভাগৰ অধীনৰ ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা সংযুক্ত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত মুঠ ১৬৭ টা অংগনৱাড়ী কেন্দ্ৰত অনাদি-অনন্ত কাললৈ তলা ওলমাতো নিশ্চিত হৈ পৰিছে।

ৰাজ্যখনৰ ভিতৰতে স্থাপিত প্ৰথমটো আই চি ডি এছ কাৰ্য্যালয় হিচাবে গৌৰৱোজ্জ্বল ইতিহাস বিশিষ্ট এই প্ৰকল্পটোৰ অন্তৰ্গত মুঠ ১৬৭ টা কেন্দ্ৰৰ অস্তিত্ব বিলুপ্তি ঘটাটো নিশ্চিত হোৱাত ব্যাপক ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে । সংগৃহীত তথ্য মতে ঢকুৱাখনা প্ৰকল্পৰ অন্তৰ্গত মুঠ ৬১ টা ক্ষুদ্ৰ অংগনৱাড়ী কেন্দ্ৰ ১কিলোমিটাৰ ব্যাসাৰ্ধৰ সমীপৰ পূৰ্ণ মৰ্যাদাৰ কেন্দ্ৰত সংলগ্ন হ'ব ।

জানিব পৰামতে প্ৰকল্পটোৰ মুঠ ৫২২ টা কেন্দ্ৰৰ ভিতৰত ১৭৬ কেন্দ্ৰই চিৰদিনলৈ বিলুপ্তি ঘটাটো নিশ্চিত হোৱাৰ তথ্য আৰু তালিকা পোহৰলৈ আহিছে । ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক অংগনৱাড়ী কেন্দ্ৰৰ স্থায়ী বিলুপ্তি ঘটা ঢকুৱাখনা প্ৰকল্পত এই প্রক্রিয়াকলৈ অভিভাৱক, কৰ্মী সহায়িকাৰ মাজত ক্ষোভ অসন্তুষ্টিৰ সীমা চৰিছে ।

প্ৰধানতঃ যিসমূহ কেন্দ্ৰৰ স্থায়ী গৃহ নাই,যি কেন্দ্ৰ কৰ্মী সহায়িকাৰ বাসগৃহ,নামঘৰ কিম্বা বিদ্যালয়ৰ গৃহত পৰিচালিত হয়; যিবোৰ কেন্দ্ৰত ১০ টি শিশুতকৈ কম শিশু উপলব্ধ , এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত য'ত বহু কেইটা কেন্দ্ৰ স্থাপিত এনেবোৰ কেন্দ্ৰক সংলগ্নকৰণ কৰাত অগ্ৰাধিকাৰ দি ৰাজ্যজুৰি চূড়ান্ত তালিকা প্ৰকাশ কৰিছে সমাজ কল্যাণ বিভাগে ।

সংশ্লিষ্ট শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াসকলৰ প্ৰতিবেদনৰ ভিত্তিত সমাজ কল্যাণ বিভাগে প্ৰস্তুত কৰা এই একত্রিতকৰণ তালিকাৰ ভিত্তিত কেন্দ্ৰ সমূহ সংলগ্ন হোৱাৰ পৰৱৰ্তী সময়ত অতিৰিক্ত কৰ্মী আৰু সহায়িকা সকলক অন্য কেন্দ্ৰলৈ বদলি কৰা , প্ৰয়োজনৰ স্বাৰ্থত যোগ্যতা অর্জনকাৰী ক্ষুদ্ৰ কেন্দ্ৰ সমূহ পূৰ্ণকালীন কেন্দ্ৰলৈ উন্নীত কৰি সহায়িকা নিযুক্ত কৰাৰো সুব্যৱস্থা হ'ব বুলি বিভাগীয় শীর্ষ সূত্ৰে জনা গৈছে ।

বিগত যুগ যুগান্তৰ ধৰি সুস্থভাৱে পৰিচালিত আৰু নিয়মীয়া সেৱা প্ৰদানকাৰী এনেবোৰ ডেৰ শতাধিক কেন্দ্ৰ নিশ্চিহ্ন হোৱাৰ পথ প্ৰশস্ত হোৱাত সৃষ্টি হোৱা জন অসন্তুষ্টিৰ ঢৌ কি দৰে নিৰ্বাপিত হয় সেয়া লক্ষণীয় হ'ব ।

ঢকুৱাখনাত চিৰদিনলৈ বন্ধ হ'ব ১৬৭ টা অংগনৱাড়ী কেন্দ্ৰ
ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত ভাৰত : ট'প অৰ্ডাৰৰ বেটত নাই ৰান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in