প্ৰয়াত সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ বাসগৃহত মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰা

প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ পৰিয়ালক জনালে সমবেদনা
প্ৰয়াত সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ বাসগৃহত মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰা
প্ৰয়াত সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ বাসগৃহত মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰা

ডিজিটেল সংবাদ বটদ্ৰৱাঃ সদ্য প্ৰয়াত বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ বাসগৃহত আজি মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰাকে প্ৰমুখ্য কৰি অগপ দলৰ নেতা কৰ্মীসকল উপস্থিত হয়। সত্ৰাধিকাৰগৰাকীৰ বিয়োগৰ ৫ দিন পিছতে তেখেতৰ বাসগৃহত প্ৰয়াত দেৱগোস্বামীৰ ভাৰ্য্যা ইলোৰা গোস্বামী, পুত্ৰ অম্লান জ্যোতি দেৱগোস্বামী, উজ্বল জ্যোতি দেৱগোস্বামীকে আদি কৰি পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, যোৱা ২৩ মাৰ্চ শনিবাৰৰ নিশা হৃদ ৰোগত আক্ৰান্ত হৈ হথাৎ বিয়োগ হৈছিল সত্ৰীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তি সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ। দুয়োগৰাকী মন্ত্ৰীয়ে অসম গণ পৰিষদ দলৰ হৈ প্ৰয়াত দেৱগোস্বামীৰ ভাৰ্য্যা ইলোৰা গোস্বামীৰ হাতত শ্ৰদ্ধাঞ্জলি পত্ৰ অৰ্পণ কৰে।

প্ৰয়াত সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ বাসগৃহত মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰা
শিলচৰত ১০০ উৰ্ধ্বৰ ভোটাৰৰ বাবে প্ৰশাসনৰ বিশেষ ব্যৱস্থা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in