শিলচৰত ১০০ উৰ্ধ্বৰ ভোটাৰৰ বাবে প্ৰশাসনৰ বিশেষ ব্যৱস্থা...

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদ মেল
শিলচৰত ১০০ উৰ্ধ্বৰ ভোটাৰৰ বাবে প্ৰশাসনৰ বিশেষ ব্যৱস্থা...
শিলচৰত ১০০ উৰ্ধ্বৰ ভোটাৰৰ বাবে প্ৰশাসনৰ বিশেষ ব্যৱস্থা...

ডিজিটেল সংবাদ শিলচৰ: বিভিন্ন ৰাজ্যৰ লগতে অহা ২৬ এপ্ৰিলত ৮ নম্বৰ শিলচৰ লোকসভা সমষ্টিতো অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে বিজ্ঞপ্তি জাৰি কৰা হৈছ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়াও বৃহস্পতিবাৰৰ পৰাই আৰম্ভ হ'ল।

মনোনয়ন দাখিল কৰাৰ অন্তিম দিন অহা ৪ এপ্ৰিল। ৮ এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। শিলচৰ সমষ্টিৰ প্ৰাৰ্থীসকলে জিলা আয়ুক্ত তথা ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত ৰাতিপুৱা ১১ বজাৰ পৰা আবেলি ৩ বজালৈ মনোনয়ন জমা দিব পাৰিব।

এইবাৰ ভোট গণনা হ'ব শিলচৰ ৰামনগৰস্থিত ISBT ত। শিলচৰ লোকসভা সমষ্টিত মুঠ ১৫৫১ টা ভোট কেন্দ্ৰত ১৩ লাখ ৫১ হাজাৰ ৪৯৬ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ১৫৫১ টা ভোট কেন্দ্ৰৰ ভিতৰত ২১০ টা কেন্দ্ৰত মহিলা নিৰ্বাচন কৰ্মী আৰু মহিলা আৰক্ষীয়ে পৰিচালনা কৰিব।

৪০ টা মডেল ভোটকেন্দ্ৰ আৰু ৭ টা শাৰীৰিকভাবে সক্ষম ভোটাৰসকলৰ বাবে। বৃহস্পতিবাৰে নিজৰ কাৰ্যলয়ত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰিছে ৰিটাৰ্ণিং বিষয়া‌ ৰোহন কুমাৰ ঝাই।

শিলচৰ লোকসভা সমষ্টিত এইবাৰ ১০০ বছৰ অতিক্ৰম কৰা ১০৭ গৰাকী ভোটাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। শতবৰ্ষ পাৰ কৰা এইসকল জ্যেষ্ঠ ভোটাৰক ভোট কেন্দ্ৰলৈ অনা নিয়াৰ বাবে প্ৰশাসনৰ ফালৰ পৰা গাড়ীৰ ব্যৱস্থা কৰা হ'ব।

বিভিন্ন কাৰণত ভোট দিয়াৰ পৰা বিৰত থকা প্ৰায় ৫৩ হাজাৰ ভোটাৰক এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ দিয়াৰ ফলত বিগত নিৰ্বাচনতকৈ এইবাৰ ভোট দানৰ হাৰ দুইৰ পৰা আঢ়ৈ শতাংশ বাঢ়িব বুলিও সদৰি কৰিছে জিলা আয়ুক্ত তথা ৰিটাৰ্নিং বিষয়াগৰাকীয়ে।

ইফালে সুস্থ আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে আৰক্ষী প্ৰশাসন। নিৰাপত্তাৰ দিশত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে তাৰ বাবে প্ৰতিটো ভোট কেন্দ্ৰতে পৰ্যাপ্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হ'ব বুলি জনাইছে সংবাদ মেলত উপস্থিত থকা আৰক্ষী অধীক্ষক নোমাল মাহাত্বই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in