/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/469bb86b-b888-46cf-ab71-d1a7dbebaabd/piyush.jpg)
ডিজিটেল সংবাদ, নগাঁও: একেখন বাকৰিতে আয়োজিত সৰ্ববৃহৎ বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়া নগাঁৱৰ শিল্পীসকলক শনিবাৰে মানপত্ৰ আৰু মাননি প্ৰদান কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ নগাঁও চহৰৰ পুলিচ ৰিজাৰ্ভত আয়োজিত এক সভাত ৭৭১ গৰাকী শিল্পীক মানপত্ৰ আৰু ২৫ হাজাৰকৈ ধন প্ৰদান কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/caa3715f-515d-4f2a-a79b-361d59626e17/cb47db88_2d5f_4c2c_b2ca_b1881b6bd93b.jpg)
সভাত মন্ত্ৰী হাজৰিকাই কয় যে, "কষ্ট কৰি জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল আমাৰ শিল্পী সকলে ৷ ৰ’দ, বৰষুণক পাট্টা নিদিয়াকৈ কষ্ট কৰি যি সুনাম কঢ়িয়াই আনিলে তাৰ বাবে চৰকাৰে সন্মান আৰু মৰম দিব বিচৰা হৈছে ৷ ২৫ হাজাৰ টকা বেছি টকা নহয় কিন্তু ১১৩৩৯ গৰাকী শিল্পীয়ে যি সন্মান কঢ়িয়াই আনিলে তেওঁলোকক চৰকাৰে সদায় সহায় কৰি যাব ৷"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f02aa7ae-4351-471b-84d2-2952a548a620/c7cc39cc_9667_4782_adba_33cc6527f0ef.jpg)
সভাত মন্ত্ৰী পীয়ুষ হাজৰিকাই লগতে কয় যে, "পৃথিবীৰ বুকুত অসমৰ স্হান সুদৃঢ় কৰিবলৈ সকলোৰে সহযোগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি আগবাঢ়ি যাম ৷" বিষয়া অনন্ত গগৈয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনত বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, শশী কান্ত দাস, শিবু মিশ্ৰ আদি উপস্থিত থাকে ৷ সভাত উপস্থিত সকলো অতিথিক নগাঁও জিলা প্ৰশাসনে একোটিকৈ গছ পুলিৰে সম্ভাষণ জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3102f117-4f56-46ce-8721-d9eff2df5617/55f39f7e_009e_44d6_8b3a_5647098bb2ff.jpg)
Also Read: অতিষ্ঠ ৰাইজঃ বিদ্যুৎ কৰ্তনক লৈ নিশাই লেটেকুজান উপ-কেন্দ্ৰ ঘেৰাও...