অতিষ্ঠ ৰাইজঃ বিদ্যুৎ কৰ্তনক লৈ নিশাই লেটেকুজান উপ-কেন্দ্ৰ ঘেৰাও...

লেটেকুজানত বিদ্যুৎ কৰ্তনক লৈ স্থানীয় উপভোক্তাৰ বিভাগীয় কতৃপক্ষক জবাবদিহি

author-image
Asomiya Pratidin
New Update
অতিষ্ঠ ৰাইজঃ বিদ্যুৎ কৰ্তনক লৈ নিশাই লেটেকুজান উপ-কেন্দ্ৰ ঘেৰাও...

ডিজিটেল সংবাদ, নুমলীগড়: গোলাঘাট জিলাৰ লেটেকুজান বিদ্যুৎ উপ-কেন্দ্ৰত শুক্ৰবাৰে নিশা বিদ্যুৎ সেৱা কৰ্তনক লৈ বিভাগীয় কৰ্তৃপক্ষক জবাবদিহি তথা ঘেৰাও স্থানীয় উপভোক্তাৰ। বিদ্যুৎ সেৱা বিচ্ছিন্নত অতিষ্ঠ ৰাইজে ঘেৰাও কৰিলে বিদ্যুৎ উপ-কেন্দ্ৰটো।

Advertisment

এফালে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ লগতে ব্যৱসায়-বাণিজ্য কৰা ব্যৱসায়ীসকলে দীৰ্ঘদিনে নৰক যন্ত্ৰণা ভোগ কৰি অতিষ্ঠ হৈ অৱশেষত ঘেৰাও কৰিলে বিদ্যুৎ উপ-কেন্দ্ৰটো। উল্লেখযোগ্য যে বিদ্যুৎ উপ-কেন্দ্ৰটোৰ কাষৰীয়া পাৰ্বতীপুৰ অঞ্চলৰ অধিক সংখ্যক গ্ৰাহকৰ বিদ্যুৎ সেৱা কৰ্তনৰ অভিযোগ ভুক্তভোগী ৰাইজৰ।

যিহেতু অতি কম সংখ্যক গ্ৰাহকৰ বিদ্যুতৰ বিল অনাদায়ৰ বাবে সৰহ সংখ্যক লোকে এতিয়া দুৰ্ভোগ ভুগিব লগীয়া হৈছে নিয়মিত বিল পৰিশোধ কৰাৰ পিছতো। তাতে অতিষ্ঠ হৈ জবাবদিহি কৰিলে উক্ত উপ-কেন্দ্ৰটোৰ বিভাগক। ৰাইজে অতি শীঘ্ৰে এক সু-ব্যৱস্থা তথা নিয়মিত বিদ্যুৎ সেৱা আগবঢ়াবলৈ আহ্বান জনায় কৰ্তৃপক্ষক।

Also Read: চিলাসূতিত সদ্য অৱসৰী প্ৰধান শিক্ষকক আৱেগিক বিদায় সম্বৰ্ধনা...

power cut