শিমলুগুৰি পি এছ পি এল স্কীল কেন্দ্ৰত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

শিমলুগুৰি পি এছ পি এল স্কীল কেন্দ্ৰত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও জিলাৰ সোণাইঘাট ছলছলিস্থিত শিমলুগুৰি পি এছ পি এল স্কীল কেন্দ্ৰত সদ্যঘোষিত হাইস্কুলত শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ ১০গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। মঙলবাৰে বিয়লি আয়োজিত অভিনন্দন অনুষ্ঠানটিত নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

তেঁও কয়- সফলতাৰ চমু পথ নাই। ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ শ্ৰম আৰু সাধনাৰে অধ্যয়নৰ জৰিয়তে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত অভাৱ কেতিয়াও অন্তৰায় হ'ব নোৱাৰে।

উল্লেখ্য যে কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত জোন্নাদুল আহমেদ নামৰ ছাত্ৰ এগৰাকীয়ে আৰ্থিক দুখ দৈন্যতাকো নেওচি ৯২% নম্বৰ লাভেৰে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনে। সেই বাবে তেঁওক শিমলুগুৰি প্ৰাৰ্থমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে একোটাকৈ কলমেৰে অভিনন্দন জনায়।

অনুষ্ঠানটিত পি এছ পি এল স্কীল কেন্দ্ৰৰ পৰিচালক জেহিৰুল ইছলাম, শিমলুগুৰি প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক তথা সমাজকৰ্মী মোস্তাফা আমিনুল্লাহ আৰু দক্ষিণ ভকতগাওঁ প্ৰাৰ্থমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ইনা আৰা বেগম, অভিভাৱকসকল আৰু বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে। কৃতি ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, অভিনন্দন পত্ৰ আৰু একোটাকৈ কলমেৰে অভিনন্দন জনোৱা হয়।

অনুষ্ঠানত বঞ্জ কুমাৰ বৰদলৈ, ইনামূল হুছেইন, ছামিম আহমেদ, ছাবিৰা খানম, আফৰিন আক্তাৰা, শ্বাহনাজ বেগম, আইনাছ চুলতানা, চাইনা ছাবিৰ আৰু শ্বৱনম ছিদ্দিকাক বিশেষভাৱে অভিনন্দন জনোৱা হয়।

শিমলুগুৰি পি এছ পি এল স্কীল কেন্দ্ৰত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান
কৰিমগঞ্জত কৃপানাথ মাল্লাৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in