কঠীয়াতলীত বিজেপিৰ উন্নয়নৰ আলোড়িত সভাত মন্ত্ৰী পীযুষ হাজৰিকা

কঠীয়াতলীত বিজেপিৰ উন্নয়নৰ আলোড়িত সভাত মন্ত্ৰী পীযুষ হাজৰিকা

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত বিজেপিৰ উন্নয়নৰ আলোড়িত সভাত মন্ত্ৰী পীযুষ হাজৰিকা

ডিজিটেল সেৱা, কঠীয়াতলী : দেওবাৰে নগাঁও জিলাৰ কঠীয়াতলী ৰেংবেং খেলপথাৰত অনুষ্ঠিত হোৱা 'বঢ়মপুৰ সমষ্টি আলোড়িত সভা'ত কেইবাটাও আঁচনি উদ্ধোধন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। এই অনুষ্ঠানত তেওঁ উদ্দাত্ত ভাষণ প্ৰদান কৰে।

Advertisment

উল্লেখযোগ্য যে, পশ্চিম তেঁতেলীসৰাৰ খহনীয়া প্ৰতিৰোধ বান্ধ নিৰ্মাণ,বামুনী কঠীয়াতলী সংযোগী পথ পকীকৰণ, কঠীয়াতলীৰ নিশাৰীমুখত ৰেংবেং পটিয়াপাম সংযোগী পথৰ ওপৰত দলং নিৰ্মাণ,ৰেংবেঙত ভৱনৰ শিলান্যাসৰ লগতে বহুকেইখন আঁচনিৰ শিলান্যাস কৰে। উক্ত সভাতে প্ৰতিটো আত্মসহায়ক গোটক ১লাখ ১১ হাজাৰকৈ আৰ্থিক সাহাৰ্য্য প্ৰদানৰ কথা ঘোষণা কৰে।

কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ আস্থা নাই বাবে নগাঁৱৰ কংগ্ৰেছ দলৰ জেষ্ঠ নেতা সুৰেশ বৰাই বিজেপিত যোগদান কৰিছে মন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। আজিৰ সভাত কংগ্ৰেছ, এ আই ইউ ডি এফৰ লগতে আন সংগঠনৰ প্ৰায় দুই শতাধিক লোকে গেৰুৱা বসন পৰিধান কৰি বিজেপি দলত যোগদান কৰে ।

উক্ত সভাত নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, সুৰেশ বৰা, বিজেপি দলৰ সদস্য বাবুল বৰাকে প্ৰমুখ্য কৰি বহু লোকৰ লগতে প্ৰায় ১০হাজাৰতকৈ অধিক দলীয় কৰ্মকৰ্তা উপস্থিত থাকে।

Also Read: নতুন বদন কেইজন কোন আমি চিনি পাব লাগিবঃ মন্ত্ৰী পীযুষ হাজৰীকা

Kathiatoli pijush hazarika