নতুন বদন কেইজন কোন আমি চিনি পাব লাগিবঃ মন্ত্ৰী পীযুষ হাজৰীকা

ভূপেন বৰা, ৰকিবুল হুচেইন,দেবব্ৰত শইকীয়া,লুৰিণজ্যোতি গগৈ,অখিল গগৈক কটাক্ষ
নতুন বদন কেইজন কোন আমি চিনি পাব লাগিবঃ মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল সংবাদ,পুৰণিগুডাম : কেইদিনমান পূৰ্বে অসমৰ কেইগৰাকীমান কংগ্ৰেছ, অজাপ, ৰাইজৰ দলৰ নেতাই কপিল চিব্বালক সাক্ষাত কৰিছিল। তেওঁলোকেই অসম সম্পৰ্কে এই ভুল তথ্য দিলে নেকি তাত সন্দেহ আছে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।

দেওবাৰে নগাঁও পুৰণিগুদামত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ লগতে কয় যে, বদনে অসমলৈ মান আনি অসমীয়া মানুহক কষ্ট দিছিল। বৰ্তমান সময়ত ম্যানমাৰৰ লগত অসমক লগ লগোৱা নতুন বদন কেইজন কোন আমি চিনি পাব লাগিব। সেই সাক্ষাতৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছ নেতা ৰকিবুল হুচেইন, দেবব্ৰত শইকীয়া, অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ধৰি বহু নেতাই উপস্থিত আছিল।

তেওঁলোকেই অসম সম্পৰ্কে ভুল তথ্য প্ৰদানেৰে নতুন বদন সৃষ্টি হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, কেইদিনমান পূৰ্বে জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল ছিব্বালে অসম ম্যানমাৰৰ অংশ বুলি বিতৰ্কিত মন্তব্য কৰিছিল। কংগ্ৰেছৰ লোকসভা প্ৰাৰ্থীয়ে ১ লাখ টকাৰ ডিমাণ্ড ড্ৰাফট জমা দিব লগীয়া বিষয়ক এটা ডাঙৰ স্কেম বুলি অভিহিত কৰে মন্ত্ৰী হাজৰীকাই।

লগতে তেওঁ কয়, কংগ্ৰেছ দলে এনে কাম কৰেই। এইটো যে এটা স্কেম সকলোৰে সহজে অনুমেয়। ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উচ্চ-বাচ্যৰে বিজেপিক ভয় খুৱাব খুজিছিল। তেনে কাৰ্যক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, তেনে কৰাৰ অন্তৰালত কংগ্ৰেছৰ এটা অন্য উদ্দেশ্য আছিল।

লোকসভা নিৰ্বাচনৰ বাবে যাতে দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশী বেছি হয় আৰু বেছিকৈ টকা সংগ্ৰহ কৰিব পাৰে কংগ্ৰেছ দলে। কংগ্ৰেছ দলে টিকট দিয়াৰ নামত বে-আইনীভাৱেও টিকট প্ৰত্যাশীৰ পৰা টকা সংগ্ৰহ কৰাটো সকলোৱে জানে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

আজি কলিয়াবৰত জিলা বিজেপিৰ পুৰণিগুদামস্থিত নতুন কাৰ্যালয় মুকলি কৰে মন্ত্ৰীগৰাকীয়ে। কলিয়াবৰত এটা স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

নতুন বদন কেইজন কোন আমি চিনি পাব লাগিবঃ মন্ত্ৰী পীযুষ হাজৰীকা
মঙলদৈ বিধানসভা সাংস্কৃতিক মহাৰণৰ সফল সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in