/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a73366cc-d7ec-4bbe-8e8e-683e183acf2d/1792d9c4-11e4-4601-b2a5-9fbe82533720.jpg)
ডিজিটেল সংবাদ,কামপুৰ : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতি বুজ লৈ আৰ্তজনৰ কাষত থিয় দিছে মন্ত্ৰী অতুল বৰাই । শনিবাৰে ৰহা সমষ্টি বিধায়ক শশীকান্ত দাস, ৰহা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰমুখ্যে বিভাগীয় বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰী অতুল বৰাই বাহাকাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্তসকলৰ অভাৱ অভিযোগৰ বুজ লয় ৷
মন্ত্ৰীগৰাকীয়ে কামপুৰৰ লগতে সমগ্ৰ ৰাজ্যৰ বান সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে ৷ মন্ত্ৰী বৰাই বগলাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কাকতিগাঁও প্ৰাথমিক বিদ্যালয়ত থকা ১২২ টা আৰু ২৫ টা পৰিয়ালৰ খাদ্য, স্বাস্থ্য আৰু পশু খাদ্য সমূহ সঠিক মতে লাভ কৰিছেনে নাই সেয়া পৰ্যবেক্ষণ কৰে।
লগতে কপিলী নৈৰ ভগ্ন মথাউৰি সমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি বানপানী ৰোধৰ স্থায়ী সমাধান কৰাৰ বাবে মুখ্যমন্ত্ৰীক অৱগত কৰিব বুলি বৰ্ন্যাতসকলক আশ্বাস দিয়ে ৷
Also Read: নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ সৌজন্যত স্বাস্থ্য পৰীক্ষা শিবিৰ