/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7071ea33-e503-46e0-a8d7-e4a17bfacfa6/ce529f63-6470-4ef0-a510-46892271e14b.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : বটদ্ৰৱা থান পৰিচালনা সমিতি(তদৰ্থ)ৰ উদ্যোগত নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ সৌজন্যত শনিবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়ত এখনি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। পুৱা নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ ফণী পাঠকে স্বাস্থ্য পৰীক্ষা শিবিৰটো মুকলি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5dca808a-0804-45e8-8480-5f93432a7e45/94a10dd7-3cff-42f9-b838-6aa569356f26.jpg)
তেঁও কয়- "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানখনি আমাৰ নগাঁও জিলাৰে নহয়, ৰাজ্য তথা দেশৰে এখনি পবিত্ৰ তীৰ্থস্থান। এই থানখনিৰ চৈধ্য প্ৰসঙ্গৰ লগত জড়িত ভকত বৈষ্ণৱ, আইমাতৄ সকলৰ স্বাস্থ্যৰ যত্ন, স্বাস্থ্য পৰীক্ষা কৰি, উপযুক্ত চিকিৎসা প্ৰদান আৰু পৰামৰ্শ প্ৰদান কৰাটো আমাৰ বাবে দ্বায়িত্ব বুলি ভাবোঁ।"
স্বাস্থ্য পৰীক্ষা শিবিৰটোত ডা০ দিলীপ শৰ্মা, ডা০ প্ৰনৱ চক্ৰৱৰ্তী, ডা০ লক্ষ্য জ্যোতি বৰাকে আদি কৰি নগাঁও জিলাৰ কেইগৰাকী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৄ সহ শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি, চকু পৰীক্ষা কৰি, বিনামূলীয়া ঔষধ আৰু বিনামূলীয়া চচমা বিতৰণ কৰে। স্বাস্থ্য পৰীক্ষা শিবিৰটোত বটদ্ৰৱা থান পৰিচালনা সমিতি(তদৰ্থ)ৰ সম্পাদক শৈলেন শইকীয়া, সদস্য মোহন বৰুৱা, মৃদুল দত্ত বৰুৱা, প্ৰবীণ দাস, দিপ্তী ভূঞা, প্ৰমোদ দাস, উপেন কাকতি, গনেশ বৰা, দীপজ্যোতি শইকীয়া, দুৰ্লভ বৰা, শলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া অতুল মহন্ত, প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, মহেন্দ্ৰ বৰুৱাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।
Also Read: ঢকুৱাখনাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষৰ সাহাৰ্য বিতৰণ