নগাঁৱত মধ্যাহ্ণ ভোজনৰ ৰন্ধন কৰ্মীৰ উত্তাল প্ৰতিবাদ

নগাঁৱত মধ্যাহ্ণ ভোজনৰ ৰন্ধন কৰ্মীৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ,নগাঁও : সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰে নগাঁৱতো মধ্যাহ্ণ ভোজনৰ ৰন্ধনৰ লগত জড়িত কৰ্মচাৰীসকলে সৰ্বশিক্ষা মিচনৰ নগাঁৱৰ কাৰ্যালয় চৌহদত পিকেটিং কাৰ্যসূচী ৰূপায়ণ কৰে। ৰন্ধন কৰ্মচাৰীসকলে পাব লগা সমস্ত বকেয়া ধন শীঘ্ৰে আদায় দিয়া,বছৰৰ ১২ মাহৰ বাবেই মজুৰি প্ৰদান কৰা,কাম হেৰুৱা ৰন্ধনকৰ্মীক এককালীন ৩ লাখ টকা সাহাৰ্য প্ৰদান কৰা,কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধনকৰ্মীক চিকিৎসা সাহাৰ্য প্ৰদান কৰা,ন্যূনতম মজুৰি আইনৰ ভিত্তিত মাহিলি ১০ হাজাৰ টকা মজুৰি প্ৰদান কৰা আদি দাবীৰ ভিত্তিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৰ্মীসকলে এই পিকেটিং কাৰ্যসূচী ৰূপায়ণ কৰে।

ৰন্ধন কৰ্মীসকলে বিজেপি হায় হায়,আমাৰ দাবী মানি ল‌ওক,ৰন্ধন কৰ্মীসকলক চৰকাৰৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক,মাননিৰ সলনি মজুৰি দিয়ক আদি বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে। কাৰ্যসূচীৰ অন্তত সদৌ অসম মধ্যাহ্ণ ভোজন কৰ্মচাৰী ইউনিয়নৰ নগাঁও জিলা শাখাৰ সভানেত্ৰী ৰৌশনাৰা বেগম আৰু সম্পাদিকা অঞ্জলী বৰুৱা স্বাক্ষৰিত এখন স্মাৰক পত্ৰ সৰ্বশিক্ষা মিচনৰ নগাঁও মিচন সমন্বয়কৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী কাইলৈয়ো অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে।

নগাঁৱত মধ্যাহ্ণ ভোজনৰ ৰন্ধন কৰ্মীৰ উত্তাল প্ৰতিবাদ
বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিংৰ কৰ্মশালা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in