বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিংৰ কৰ্মশালা

বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিংৰ কৰ্মশালা

ডিজিটেল সংবাদ,বঢ়মপুৰ : নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি কৰ্মশালাৰ আয়োজন কৰা হয়। শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত তেওঁলোকৰ কেৰিয়াৰ কাউন্সেলিংৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰিবলৈ এখনি গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত হয় ।

বিদ্যালয়খনৰ অধ্যক্ষ নলিনী কুমাৰ বৰাকে প্ৰমুখ্যে কৰি ভালেসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা উক্ত কৰ্মশালা অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি চাকিৰাম শইকীয়াই। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা ভাষণ আগবঢ়ায় ।

কেৰিয়াৰ কাউন্সেলিংৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ প্ৰয়োগে ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ জীৱনৰ পথ নিৰ্ধাৰণ কৰাত সহায় কৰিব সেই সম্পৰ্কে অনুষ্ঠানটিৰ সমল ব্যক্তি হিচাপে উপস্থিত থকা শিক্ষকদ্বয় ক্ৰমে বিতুপন বৰা আৰু মহম্মদ আলিয়ে সাৱলীল ভাষণ প্ৰদান কৰে। লগতে কেনেধৰণৰ ক্ষেত্ৰসমূহত ছাত্ৰ-ছাত্ৰীসকলে নিজকে নিয়োজিত কৰি সুফল লাভ কৰিব,তাৰ বিস্তৃত বিৱৰণ দাঙি ধৰে ।

ইয়াৰোপৰি শিক্ষকদুগৰাকীয়ে বিজ্ঞান,কলা আৰু বাণিজ্য শাখাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী আৰু কেৱল দশম শ্ৰেণীলৈকে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে কিদৰে জীৱনৰ পথ সুগম কৰিবলৈ নিজৰ বৃত্তি বা কৰ্মৰাজি নিৰূপণ কৰিব পাৰে সেই সম্পৰ্কে পৃথকে- পৃথকে পৰামৰ্শ আগবঢ়ায় । ছাত্ৰ-ছাত্ৰীসকলে কেৱল ডাক্তৰ,ইঞ্জিনীয়াৰ অথবা উচ্চপদস্থ প্ৰশাসনিক বিষয়াৰ সপোন দেখাৰ বাহিৰেও অন্যান্য ক্ষেত্ৰ যেনে- আই.টি.আই,নাৰ্চিং, শাৰীৰিক নিৰ্দেশক,সাধাৰণ মেকানিক,বাণিজ্যক্ষেত্ৰ,কৃষিকৰ্ম,বিউটিচিয়ান,কুটিৰ শিল্প আদিত মনোনিবেশ কৰি সফল জীৱন-যাপন কৰাৰ পথ বাচি ল'ব পাৰি বুলি তেওঁলোকে উল্লেখ কৰে ।

তেওঁলোকে কয় যে,মানুহৰ ইচ্ছা শক্তি থাকিলে সকলো কামৰ পৰাই সফলতা আনিব পাৰি । মানুহে কেৱল কৰ্মৰ বাচনি কৰোঁতে নিজৰ যোগ্যতা আৰু ৰাপৰ ওপৰত গুৰুত্ব দিব লাগে ।

অনুষ্ঠানত শিক্ষয়িত্ৰী হিমাদ্রী চেতিয়াই বিভিন্ন বিভাগত নিযুক্তি পাবৰ বাবে পৰীক্ষাৰ প্ৰস্তুতি সম্বন্ধীয় তথ্যভিত্তিক বক্তব্য দাঙি ধৰে । শেষত বিদ্যালয়ৰ অধ্যক্ষ নলিনী কুমাৰ বৰাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এটি উদগনিমূলক ভাষনেৰে অনুষ্ঠানটিৰ সমাপ্তি ঘোষণা কৰে।

বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিংৰ কৰ্মশালা
সোণাৰি সমষ্টিৰ পঞ্চায়তত খেল মহাৰণৰ শুভাৰম্ভ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in