ৰাইডঙীয়াত প্ৰয়াত মিত্ৰদেৱ মহন্ত আৰু নৱজ্যোতি বৰাৰ স্মৃতিচাৰণ অনুষ্ঠান

ৰাইডঙীয়াত প্ৰয়াত মিত্ৰদেৱ মহন্ত আৰু নৱজ্যোতি বৰাৰ স্মৃতিচাৰণ অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
ৰাইডঙীয়াত প্ৰয়াত মিত্ৰদেৱ মহন্ত আৰু নৱজ্যোতি বৰাৰ স্মৃতিচাৰণ অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া অঞ্চলৰ দুগৰাকী বিশিষ্ট সমাজকৰ্মী, শিল্পপ্ৰাণ প্ৰয়াত মিত্ৰদেৱ মহন্ত আৰু নৱজ্যোতি বৰা স্মৃতিচাৰণ অনুষ্ঠানটি দেওবাৰে ৰাইডঙীয়া ৰাজহুৱা মঞ্চত অনুষ্ঠিত হয়। শোকাকুল পৰিৱেশৰ মাজেৰে ৰাইডঙীয়াৰ ১৪ টি অনুষ্ঠান, দল সংগঠনৰ বিষয়ববীয়া তথা সদস্য আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অশ্ৰুসিক্ত নয়নেৰে দুয়ো গৰাকী প্ৰয়াত ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শিক্ষক বোধেন চন্দ্ৰ বৰা আৰু নৱ বৰাই আঁতধৰা অনুষ্ঠানটিৰ আৰম্ভণিত বন্তি প্ৰজ্বলন কৰে ৰাইডঙীয়া জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি নৱ কমল ৰাজা আৰু নামাচাৰ্য গোলাপ কলিতাই।

Advertisment

অনুষ্ঠানটিত মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈয়ে "নৱজ্যোতি বৰা আৰু মিত্ৰদেৱ মহন্তৰ অকাল বিয়োগ ৰাইডঙীয়া অঞ্চলটোৰ বাবে বৃহৎ সামাজিক ক্ষতি৷ দুয়োজন সদায় ৰাইডঙীয়াৰ সমাজ জীৱনৰ লগত নিজৰ শিপাডাল সংপৃক্ত কৰি ৰখাসকলৰ অন্যতম আছিল" বুলি মন্তব্য কৰে। লগতে সমাজকৰ্মী ৰোহিনী বৰা, প্ৰাক্তন আলফা ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰাজীৱ হাজৰিকা, সৌৰভ শাখা সাহিত্য সভাৰ সম্পাদক কবিন পাটৰ, জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি বৰুবা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰচাৰ কোষৰ আহ্বায়ক কল্যাণ কুমাৰ বৰা, জেষ্ঠ নাগৰিক ধীৰচিং পাটৰকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষন প্ৰদান কৰি সমগ্র অঞ্চলটোৰ জনপ্ৰিয় সমাজ সংগঠক প্ৰয়াত মিত্ৰদেৱ মহন্ত আৰু নৱজ্যোতি বৰাৰ জীৱন বৃত্তান্ত আলোকপাত কৰে।

ৰাইডঙীয়া আঞ্চলিক ক্ৰীড়া সংস্থা, সোনাই নদী উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতি, শ্বহীদ স্মৃতি ভৱন পৰিচালনা সমিতি, জাগৰণ সাংস্কৃতিক গোষ্ঠী, সৌৰভ শাখা সাহিত্য সভা, শিল্পী মঞ্চ, শিশুৰ বাবে উৎসৰ্গিত অনুষ্ঠান বিকাশ, শ্ৰী শ্ৰী শঙ্কৰ মন্দিৰ পৰিচালনা সমিতিৰ , জেষ্ঠ নাগৰিক মঞ্চ ,ৰাজহুৱা মঞ্চ, সংগীত কানন, ৰাইডঙীয়া আঞ্চলিক ছাত্ৰ সন্থা, ৰাইডঙীয়া হিন্দী বিদ্যালয়, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিকে আদি কৰি ১৪ টা অনুষ্ঠান, দল-সংগঠনৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটিত প্ৰয়াত নৱজ্যোতি বৰাৰ পিতৃ ধনীৰাম বৰা, মাতৃ সাবিত্ৰী বৰা সহধৰ্মিনী অল্পনা বৰা, প্ৰয়াত মিত্ৰদেৱ মহন্তৰ মাতৃ বীণা মহন্ত, সহধৰ্মিনী মৃনালিনী বৰা মহন্ত, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবীন কলিতা, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাস, প্ৰাক্তন ছাত্ৰনেতা ৰিন্টু গোস্বামী, ধ্ৰুৱ দাস, সূৰ্য হাজৰিকা, লুনু ৰাজা, পুস্প বৰা, যতীন বৰাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।

অনুষ্ঠানৰ শেষত বোধেন চন্দ্ৰ বৰা, ৰমেশ চন্দ্ৰ বৰা, নাৰয়ণ চন্দ্ৰ দাসৰ সম্পাদনাত মিত্ৰদেৱ মহন্তৰ স্মৃতিত "গতি" নৱজ্যোতি বৰাৰ স্মৃতিত "আলোক" শীৰ্ষক দুখনকৈ স্মৃতিগ্ৰন্থ উন্মোচন কৰে সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক সুৰেশ বৰাই।

Also Read: "অসম জাতীয় পৰিষদ পাতবেঙৰ দল"- মন্ত্ৰী পিয়ুষ হাজৰীকা

nagaon