"অসম জাতীয় পৰিষদ পাতবেঙৰ দল"- মন্ত্ৰী পিয়ুষ হাজৰীকা

"অসম জাতীয় পৰিষদ পাতবেঙৰ দল"- মন্ত্ৰী পিয়ুষ হাজৰীকা

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ কলাবাৰীত অমৃত কলহ যাত্ৰাত অংশ গ্ৰহণ কৰে মন্ত্ৰী পিয়ুষ হাজৰীকাই। অমৃত কলহ যাত্ৰাত অংশ গ্ৰহন কৰি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে।

ভূপেন বৰাক কটাক্ষ কৰি পিয়ুষ হাজৰীকাই কয় যে, মুখ্যমন্ত্ৰীৰ লগত ফটো উঠিবলৈ যিমান মানুহ হয় ভূপেন বৰাৰ মিটিংতেই সিমান মানুহ নহয়। লগতে মূল্য বৃদ্ধি সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজস্থানত পেট্ৰল ডিজেলৰ মূল্য আৰু অসমত পেট্ৰল ডিজেলৰ মূল্যৰ মাজত বহুত পাৰ্থক্য আছে।

ইয়াৰ লগতে আহি থকা নিৰ্বাচনত বিজেপিৰে জয় নিশ্চিত বুলি মন্তব্য কৰাৰ লগতে অসম জাতীয় পৰিষদ দলক পাতবেঙৰ দল বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

"অসম জাতীয় পৰিষদ পাতবেঙৰ দল"- মন্ত্ৰী পিয়ুষ হাজৰীকা
খেলি থকা অৱস্থাতেই পুখুৰীত পৰি সলিল সমাধি ১০ বছৰীয়া শিশুৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in