কামপুৰৰ মহিলাক উজ্বলা গেছ বিতৰণ

সোমবাৰে কামপুৰ অঞ্চলৰ পাঁচশতাধিক মহিলাক উজ্বলা গেছ বিতৰণ কৰে।

author-image
Asomiya Pratidin
New Update
কামপুৰৰ মহিলাক উজ্বলা গেছ বিতৰণ

ডিজিটেল সংবাদ, কামপুৰঃ সোমবাৰে কামপুৰ অঞ্চলৰ পাঁচশতাধিক মহিলাক উজ্বলা গেছ বিতৰণ কৰে। এই উপলক্ষে কামপুৰৰ কেন্দ্ৰীয় ৰাস পথাৰত স্বদেশী গেছ এজেঞ্চিৰ এখন সভা অনুষ্ঠিত হয়। স্বদেশী গেছ এজেঞ্চিৰ স্বত্বাধিকাৰী ধমেন্দ্ৰ কৌশিকে আঁতধৰা সভা খনত উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী।

Advertisment

সভাখনত বিধায়কগৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী অৰু অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত উন্নয়নৰ জোঁৱাৰ উঠা বুলি কয়। বিধায়কজনে উজ্বলা গেছ বিতৰণৰ কাৰ্যসূচীৰো শুভাৰম্ভ কৰে। শুভাৰম্ভনি সভা খনত বিধায়কগৰাকীৰ লগত উপস্থিত থাকে কামপুৰ পৌৰসভাৰ পৌৰপতি ধৰিত্ৰী বৰুৱা , উপ -পৌৰপতি জয়ন্ত ফুকন , কলিয়াবৰ জিলা বি জে পিৰ সভাপতি বাবুল বৰা, কামপুৰ মণ্ডল বি জে সিৰ সভাপতি শান্তি ৰাম বৰাকে ধৰি কামপুৰ পৌৰসভাৰ মহলা আয়ুক্তসকল উপস্থিত থাকে।

Also Read: ভাল খবৰঃ জেবিৰ ৬ ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ বাবে আমন্ত্ৰণ মাৰ্কিন বিশ্ববিদ্যালয়ৰ

ujjwala distribution kampur