মৌজাদাৰ দেৱপ্ৰতীম বৰঠাকুৰৰ বিয়োগ

মৌজাদাৰ দেৱপ্ৰতীম বৰঠাকুৰৰ বিয়োগ

ডিজিটেল সংবাদ,কামপুৰ : নগাঁও জিলাৰ কামপুৰৰ সৰবৰহী যুৱক তথা জৰাবাৰী মৌজাৰ মৌজাদাৰ দেৱপ্ৰতীম বৰঠাকুৰ (৩৯)ৰ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটে । কামপুৰ ডেকা গাঁৱৰ বাসিন্দা প্ৰয়াত পুষ্পেন্দ্ৰ বৰঠাকুৰ আৰু নগাঁও জিলা কংগ্ৰেছৰ নেত্ৰী মলয়া বৰঠাকুৰৰ পুত্র দেৱপ্ৰতীম বৰঠাকুৰ কামপুৰৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানত ওতঃপ্ৰোতভাৱে জড়িত থকাৰ লগতে "আৰোহণ গোষ্ঠী"ৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল।

ভাতৃত্ববোধ আৰু বন্ধুসুলভ আচৰণেৰে প্ৰতিজন লোকৰ মন জয় কৰা সৰবৰহী যুৱকজনৰ আকষ্মিক বিয়োগৰ খবৰটো বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে । প্ৰয়াত বৰঠাকুৰৰ আকস্মিক বিয়োগত আৰোহণ গোষ্ঠী, ৰামধেনু গোষ্ঠী, কামপুৰ প্ৰেছ ক্লাৱ, বিজেপি নেতা বাবুল বৰা, বিভূতি ভূষণ বৰঠাকুৰ, অগপ নেতা নিৰঞ্জন বৰা, কঠীয়াতলী ব্লক কংগ্ৰেছ, গুৰুকুল চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ লগতে অৰ্ধ-শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত প্ৰয়াত বৰঠাকুৰে মাতৃ, দুগৰাকী ভগ্নী, পত্নী আৰু কনমানি জীয়ৰীক ইহ্সংসাৰত এৰি থৈ গৈছে ।

মৌজাদাৰ দেৱপ্ৰতীম বৰঠাকুৰৰ বিয়োগ
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডল বিষয়া অনুপ কুমাৰ দাসক বিদায় সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in