মঠৰবৰীত হেণ্ডবল প্ৰতিযোগিতা...

বাৰপূজীয়া স্পটছ ক্লাবৰ উদ্যোগত জুনিয়ৰ-চাব জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতা...

author-image
Asomiya Pratidin
New Update
মঠৰবৰীত হেণ্ডবল প্ৰতিযোগিতা...

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বাৰপূজীয়া স্পটছ ক্লাবৰ উদ্যোগত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে ১৯ বছৰ অনুৰ্ধ্বৰ হেণ্ডবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা ৯ বজাৰ লগে লগে আৰম্ভ হোৱা উক্ত প্ৰতিযোগিতাখন মুকলি কৰে মঠৰবৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনয় কুমাৰ নাথে।

Advertisment

উক্ত অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণ নাথৰ লগতে বিদ্যালয়ৰ কেইবাগৰাকী সদস্য। খেলুৱৈ সকলক আদৰণি জনায় ৰূপকোঁৱৰ মেধিয়ে। উদিয়মান লেখক বিকাশ হাজৰিকাই বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰা এই হেণ্ডবল প্রতিযোগিতা খনিত অসমৰ ভিন্ন প্ৰান্তৰ কণিষ্ঠ পুৰুষ-মহিলা উভয় শাখাতে খেলুৱৈ সকলে ভাগ লয়।

নগাঁও, মৰিগাঁও, শোণিতপুৰকে আদি কৰি বিভিন্ন দলে ভাগ লোৱা এই প্ৰতিযোগিতাখন পৰিচালনা কৰে নগাঁও জিলা হেণ্ডবল সন্থাৰ সম্পাদক সুধন্য সেনাপতিয়ে। অনুষ্ঠানৰ শেষত বিজয়ী দল সমূহক বঁটা প্ৰদান কৰা হয়।

Also Read: কি বাৰ্তাই বিশেষ কৰিলে "মন কি বাত" ?

sports