অলিম্পিয়ান জিমনাষ্ট দীপা কৰ্মকাৰলৈ ২১ মাহৰ নিষেধাজ্ঞা

অলিম্পিয়ান জিমনাষ্ট দীপা কৰ্মকাৰলৈ ২১ মাহৰ নিষেধাজ্ঞা

ডিজিটেল ডেস্ক : তাৰকা জিমনাষ্ট তথা অলিম্পিয়ান দীপা কৰ্মকাৰলৈ আন্ত:ৰাষ্ট্ৰীয় টেষ্টিং কমিটীয়ে জাৰী কৰিছে ২১ মাহৰ নিষেধাজ্ঞা । ড'প টেষ্টত অনুত্তীৰ্ণ হোৱাৰ বাবে খেলুৱৈ গৰাকীৰ বিৰুদ্ধে লোৱা হয় এই সিদ্ধান্ত । অৱশ্যে বিগত বৰ্ষতো নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল জিমনাষ্ট গৰাকী, যদিও ড'প টেষ্টৰ সৈতে সেই নিষেধাজ্ঞাৰ কোনো সম্পৰ্ক নাই বুলি জনাইছে আন্ত:ৰাষ্ট্ৰীয় টেষ্টিং কমিটীয়ে ।

অলিম্পিয়ান গৰাকীৰ শৰীৰত পোৱা গৈছিল নিষিদ্ধ হিগেনামাইনৰ অৱশেষ, যি কমিটীৰ বাবে নিষিদ্ধ দ্ৰৱ্য । সুখৰ খবৰ এয়েই যে, এই খেলুৱৈগৰাকীৰ ওপৰৰ পৰা এই নিষেধাজ্ঞা আতৰিব চলিত বৰ্ষৰেই জুন মাহত কিয়নো খেলুৱৈ গৰাকীৰ ড'প টেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল ২০২১ বৰ্ষৰ অক্টোবৰ মাহতেই ।

ইয়াৰ ওপৰিও খেলুৱৈ গৰাকীয়ে এই সময়ছোৱাত জড়িত থকা খেল সমূহৰ ফলাফলৰ নায্যতাও হেৰুৱাব অতি শীঘ্ৰেই । অৰ্থাৎ এই সময়ছোৱাত অৰ্জন কৰা পদকসমূহো উভতাই দিব লাগিব দীপা কৰ্মকাৰে ।

ভাৰতীয় ক্ৰীড়া ব্যৱস্থাক শেহতীয়াকৈ জুৰুলা কৰি আনিছে এনে বহু সমস্যাই । তাৰ সৈতেই এনে নতুন সংকটে নিশচয়কৈ কালিমা সানিব ভাৰতীয় ক্ৰীড়া ব্যৱস্থাক । কেৱল সফলতা লাভৰ দৌৰেই যে ক্ৰীড়া নহয় সেই কথা অতি শীঘ্ৰেই বুজি পোৱা উচিত খেলুৱৈ সকলে আৰু সমাজে । ক্ৰীড়াৰ অৰ্থ কেৱল পদক নহয় । ই ইতিমধ্যেই স্বয়ং পৰিপূৰ্ণ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in