ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে কচুৱাত বিশাল ধৰ্মীয় শোভাযাত্ৰা

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে কচুৱাত বিশাল ধৰ্মীয় শোভাযাত্ৰা

author-image
Asomiya Pratidin
New Update
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে কচুৱাত বিশাল ধৰ্মীয় শোভাযাত্ৰা

ডিজিটেল সংবাদ,কচুৱা : অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ শুভ ক্ষণত সমগ্ৰ ভাৰতৰ লগতে তথা অসমৰ ভিন্ন প্ৰান্তত ভক্তসকলে উৎসাহ উদ্দীপনাৰে বিভিন্ন কাৰ্যসূচী পালন কৰিছে। সমান্তৰালকৈ নগাঁও জিলাৰ কচুৱাৰ কালিবাৰীতো দিনজোৰা কাৰ্যসূচী হাতত লোৱা হয়।

Advertisment

অযোধ্যাৰ শ্ৰীশ্ৰী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়তে কচুৱাৰ গেৰজাইপামত এক ধৰ্মীয় শোভযাত্ৰা বাহিৰ কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস । বিধায়ক দাসে কচুৱা তিনিআলিৰ গোৱিন্দ্ৰ মন্দিৰতো সেৱা লৈ প্ৰসাদ গ্ৰহন কৰে।

Also Read: ৰাম আহিল !

ram mandir Kasua