ৰাম আহিল !

ৰাম আহিল !

ৰাম এক বিশ্বাস, ৰাম এক আদৰ্শ, ৰাম স্বাভিমান। ৰামৰ শিক্ষা, মূল্যই আমাৰ প্ৰতিগৰাকীৰ জীৱনকে যেন প্ৰভাৱিত কৰে। এই ৰাম নাম উচ্চাৰণ স্বতঃস্ফূর্তভাৱে কৰো আমি। সুখ- দুখ বুলি কথা নাই। ৰামৰ নাম ললে যেন আমি লাভ কৰো পৰম সন্তুষ্টি।

এক দীঘলীয়া বিবাদ। ৫০০ বছৰৰ অপেক্ষা! অৱশেষত অন্ত পৰিল ১৫২৮ চনৰ পৰা চলা এক দীঘলীয়া পৰিক্ৰমাৰ। ২২ জানুৱাৰী ২০২৪ চনত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হ'ল।

অযোধ্যাৰ বিবাদ প্ৰায় ৫০০ বছৰ পুৰণি। ১৫২৮ চনত মোগল বাদছাহ বাবৰে অযোধ্যাত নিৰ্মাণ কৰিছিল বাবৰি মছজিদ। কিন্তু হিন্দু সকলে দাবী কৰিছিল যে সেই ভূমিত ৰামৰ জন্ম হৈছিল আৰু তাতে এটা মন্দিৰ আছিল। মূল বিবাদ আৰম্ভ হৈছিল ১৯৪৯ চনৰ ২৩ ডিচেম্বৰৰ পৰা। সেই সময়ত মছজিদৰ ভিতৰত পোৱা গৈছিল ভগৱান ৰামৰ মূৰ্তি। এয়া আছিল এক ডাঙৰ বিবাদৰ উকমুকনি। তাৰপাছত এই বিষয়টো আহিছিল আদালতলৈ। বহু বছৰ ধৰি চলিছিল ইয়াৰ ওপৰত বিবাদ।

১৯৯২ চনৰ ৬ ডিচেম্বৰ। অযোধ্যালৈ নামি আহিছিল অমানিশা। বিজেপি, বিএছপি, শিৱসেনাৰ কৰ্মকতাৰ লগতে হাজাৰ হাজাৰ মানুহে লগ লাগি ভাঙি পেলাইছিল বাবৰি মছজিদ। লগে লগে দেশত আৰম্ভ হৈছিল হিন্দু মুছলমানৰ মাজত বিবাদ। য'ত ২০০০তকৈ অধিক লোকৰ মৃত্যু আছিল।

এয়া আছিল কেৱল আৰাম্ভণি। সময়ে সময়ে হিংসাত্মক ঘটনা হৈ আছিল। ২০০২ চনত হিন্দু কৰ্মকৰ্তাক লৈ যোৱা গোধৰা ট্ৰেইনত জুই লগাই দিয়াৰ ফলত প্ৰায় ৫০ জন লোকৰ মৃত্যু হৈছিল। তাৰ পাছত আৰম্ভ হোৱা সংঘৰ্ষত প্ৰাণ গৈছিল শ শ মানুহৰ। হত্যা,ধৰ্ষণ, অপৰাধমূলক কাৰ্যকালাপৰ ঘাটীলৈ পৰ্যবসিত হৈছিল অযোধ্যা। কোৱা হয়, এই সংঘৰ্ষৰ সময়ত মহিলা-যুৱতীক ঘৰৰ পৰা টানি নি দলবদ্ধ ধৰ্ষণ কৰিছিল। শেষ কৰি দিছিল কেইবাটাও পৰিয়াল। এই ঘাঁ বহুতৰ মনৰ পৰা এতিয়াও শুকোৱা নাই।

পৰৱৰ্তী সময়ত চলি থকা এই বিবাদত ছীল মোহৰ মাৰিছিল উচ্চতম ন্যায়ালয়ে। ২০১৯ চনৰ ৯ নৱেম্বৰত বিবাদিত ভূমিয়ে এক পৰিচয় লাভ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ সেই সময়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ দ্বাৰা গঠিত ৬ জনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ নিৰ্দেশনা দিছিল। লগতে মুছলমানসকলৰ বাবে ৫ একৰ ভূমিত মছজিদ নিৰ্মাণৰ আদেশ দিছিল।

২০২০ চনৰ ৫ আগষ্টত হৈছিল ৰাম মন্দিৰৰ ভূমি পূজন আৰু আজি ২২ জানুৱাৰীত উদ্বোধন হয় ৰাম মন্দিৰ আৰু প্ৰাণ প্ৰতিষ্ঠা হয় ভগৱান ৰামৰ। এই ৰাম মন্দিৰৰ লগত জয়-পৰাজয়ৰ কথা নাই। এয়া যেন প্ৰাপ্তি। এক দীৰ্ঘদিন ধৰি চলা বিবাদৰ পৰিসমাপ্তি। সকলোৰে মুখত এতিয়া এটাই শব্দ- ৰাম আহিল।

ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত আধ্যাত্মিক দিশটোৱেই জড়িত থকা বুলি কলে ভুল হ'ব। কিয়নো এটা সময়ত ৰাম মন্দিৰ হৈ পৰিছিল নিৰ্বাচনী ইচ্ছ্যু। ৰাম মন্দিৰক এজেণ্ড হিচাপে লৈ কৰি যোৱা ৰাজনীতিত শেষৰটো হেটট্ৰিত মাৰে বিজেপিয়ে।

যোৱা কেইবাবছৰ ধৰি বিজেপিয়ে অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি দি আহিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসনাধীন চৰকাৰৰ সময়তে ৰামে পালে স্থান! সেয়ে মোডীয়ে ভাষণত কৈছে- শতিকাৰ ত্যাগ, অপেক্ষা আৰু তপস্যাৰ অন্তত ৰাম আহিল অযোধ্যালৈ। আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে কৈছে-মোডী নহ'লে এয়া সম্ভৱ নাছিল।

এই সকলোবোৰ দেখিলে ভাব হয় ৰাম মন্দিৰ ৰাজনৈতিক বিজয়ৰ আধাৰ। এই জয়ৰ পৰা কোন কেনেকৈ লাভান্বিত হ'ব সেয়া বুজাই নকলেও হ'ব। ৰাম মন্দিৰ স্থাপন, ৰামৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা, বিশাল আয়োজন, আন বহুতো চমকে সাধাৰণলোকক চুই গৈছে। ৰামময় হৈ পৰিছে দেশ। ৰামভক্ত সকল উৎসাহিত হৈ পৰিছে ৰামক অযোধ্যাত ঘূৰাই পায়।

দেশৰ প্ৰতিগৰাকী মানুহক কেতিয়াও এটা ৰাজনৈতিক দলৰ সিদ্ধান্তই সুখী কৰিব নোৱাৰে। সকলোৰে আদৰ্শ বেলেগ। কিন্তু বিজেপিৰ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতিয়ে যে গৰিষ্ঠ সংখ্যক দেশবাসীক আনন্দিত কৰিছে এয়া দেখিলেই বুজা যায়। ৰাম মন্দিৰৰ দ্বাৰা বিজেপিয়ে সৃষ্টি কৰিছে এক গণ সন্মোহনৰ।

আশা! ৰাজনীতিয়ে মূৰত ধৰা সকলেও ৰামৰ আদৰ্শকে সৰোগত কৰি আগবাঢ়িব। দেশত সঁচা অৰ্থত প্ৰতিষ্ঠা হ'ব ৰাম ৰাজ্য। ৰামক ৰাজনীতিৰ আধাৰ হিচাপে ব্যৱহাৰ নকৰি স্থাপন কৰিব শান্তি।

আজি দেশবাসীয়ে শাসক-বিৰোধী নাচাই নাম লৈছে ৰামৰ। কিয়নো ৰাম ভাৰতৰ আধাৰ,ৰাম ভাৰতৰ বিচাৰ আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ বিশ্বাসত আছে ৰাম...

ৰাম আহিল !
ৰাম-ৰাম-ৰাম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in