নগাঁৱত লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতিঃ মুঠ ভোটদাতাৰ সংখ্যা ১৮,১৭,২০৪ গৰাকী...

বিশেষ প্ৰস্তুতি সভা সম্পন্ন
নগাঁৱত লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতিঃ মুঠ ভোটদাতাৰ সংখ্যা ১৮,১৭,২০৪ গৰাকী...
নগাঁৱত লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতিঃ মুঠ ভোটদাতাৰ সংখ্যা ১৮,১৭,২০৪ গৰাকী...

ডিজিটেল সংবাদ নগাঁও: আগন্তুক লোকসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ সন্দৰ্ভত আজি নগাঁও জিলা আয়ুক্তৰ সভাকক্ষত সাধাৰণ পৰ্যবেক্ষক, ব্যয় পৰ্যবেক্ষক, আৰক্ষী পৰ্যবেক্ষকৰ উপস্থিতিত জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত ৯নং নগাঁও লোকসভাৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী, প্ৰাৰ্থিৰ প্ৰতিনিধি আৰু সাংবাদিকসকলৰ সৈতে এখন সভা অনুষ্ঠিত হয়। সভাখনত জিলাখনৰ নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে বিষদভাৱে আলোচনা কৰা হয়।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত নগাঁও নিৰ্বাচন জিলাৰ পাঁচটা বিধানসভা সমষ্টি ক্ৰমে ৫৫ নং ধিং সমষ্টি,৫৬ নং ৰূপহীহাট সমষ্টি, ৫৮ নং চামগুৰি সমষ্টি,৬০ নং নগাঁও-বটদ্ৰৱা সমষ্টি আৰু ৬১ নং ৰহা (এছ.চি), বিধানসভা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন হ'ব। নগাঁও নিৰ্বাচন জিলাত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১৮,১৭,২০৪ গৰাকী।

ইয়াৰে ৯১৪৪৬৯ জন পুৰুষ ভোটাৰ ৯০২৬৫৩ গৰাকী মহিলা ভোটাৰ আৰু ৮২ জন তৃতীয় লিংগৰ ভোটাৰ। নগাঁও নিৰ্বাচন জিলাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২০৪৩টা। ইয়াৰে ৪২ টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। কেৱল যুৱক-যুৱতীৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা এটা।

আনহাতে বিশেষভাৱে সক্ষম লোকৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰ এটা। জিলাখনত এইবাৰ নিৰ্বাচনত নগাঁও জিলাত ১৮ বছৰৰ পৰা ১৯ বছৰ বয়সৰ ভোটদাতাৰ সংখ্যা ৩৭৯৭৫ জন আৰু জ্যেষ্ঠ নাগৰিক ভোটদাতাৰ সংখ্যা ২৬১০৭ গৰাকী। আনহাতে জিলাখনত শতায়ু গৰকা ৩২৬ গৰাকী ভোটদাতা আৰু ৮৫ বছৰ বয়সৰ উৰ্দ্ধৰ ১৫১৭৮গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে, ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই নগাঁও জিলাতো আৰ্হি আচৰণ বিধি বলৱৎ হৈছে। প্ৰকৃততে মানুহৰ বিবেকেই আৰ্হি আচৰণ বিধি মানি চলাটো সুনিশ্চিত কৰিব পাৰে বুলি উল্লেখ কৰি শান্তিপূৰ্ণ, সুস্থ আৰু নিকা পৰিবেশৰ মাজেৰে নিৰ্বাচন সম্পূৰ্ণ কৰিব পৰাকৈ তেওঁ সকলোৰে সহায়-সহযোগিতা কামনা কৰে। যদি নিৰ্বাচনী আৰ্হি আচৰণবিধি উলঙ্ঘনৰ কোনো বিষয় দৃষ্টিগোচৰ হয় তেনেহ'লে এই সংক্ৰান্তীয় ওজৰ-আপত্তি c-Vigil এপত দাখিল কৰিব পাৰিব অথবা নিয়ন্ত্ৰণ কক্ষৰ ফোন নং ০৩ ৬৯২-২৩৮০০০ আৰু ১০৭৭ টোল ফ্ৰী নম্বৰত ফোন কৰিও অভিযোগ দাখিল কৰিব পাৰিব বুলি তেওঁ কয়।

নগাঁও জিলা প্ৰশাসনে সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে এনে আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰশাসন, আৰক্ষী, ফ্লায়িং স্কোৱাড, ব্যয় নিৰীক্ষণ সমিতি আৰু বিভিন্ন কোষ সষ্টম হৈ আছে। আজিৰ এই সভাতে উপস্থিত থকা প্ৰতিদ্বন্দি প্ৰাৰ্থী আৰু প্ৰতিনিধিসকলক EVM 2nd Randomzation, MCC, MCMC আৰু নিৰ্বাচনৰ ব্যয় পৰীক্ষণ সম্পৰ্কত বিষদভাৱে বুজাই দিয়া হয়।

উক্ত সভাত নগাঁও লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক এইছ বাসৱৰাজেন্দ্ৰই (আই এ এছ) শান্তিপূৰ্ণ, সুস্থ আৰু নিকা নিৰ্বাচন সম্পূৰ্ণ কৰিব পৰাকৈ সকলোৰে সহায়-সহযোগিতা কামনা কৰে। সভাখনত ব্যয় পৰ্যবেক্ষক শ্বপি.পাচিয়াপ্পান, পুলিচ পৰ্যবেক্ষক গোপীনাথ জাট্টি, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, অতিৰিক্ত আয়ুক্ত,মৰিগাঁও পল্লৱী কছাৰী, অতিৰিক্ত আয়ুক্ত সুদীপ নাথ আৰু নিৰ্বাচনী বিষয়া মৌচম প্ৰতিম নাথ উপস্থিত থাকে।

নগাঁৱত লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতিঃ মুঠ ভোটদাতাৰ সংখ্যা ১৮,১৭,২০৪ গৰাকী...
নগাঁও উকিল সন্থাৰ নতুন সমিতি গঠন: সভাপতি পদত পৰাণ গোঁহাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in