/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/2ec6ffbe-fa03-4fa4-a472-00074f3fdec8/11.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ বৰঘূলিত মঙ্গলবাৰে নিশা প্ৰায় ৭-৩০ বজাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ জানিব পৰামতে, ১নং বৰঘুলি নিবাসী বছিৰ উদ্দিনৰ গৃহৰ পাকঘৰত লগা জুয়ে নিমিষতে ল’লে আগ্ৰাসী ৰূপ।
মাতৃয়ে চৌকাত ভাত বাঢ়ি বাহিৰলৈ যাওঁতেই কণমানি সন্তানে জুইৰ খৰিকা লৰাই দিয়াত হঠাৎ বেৰত জুই লাগি ভষ্মীভূত হয় পাকঘৰ। নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি লোৱা পাকঘৰৰ কাষতে থকা ৩০টাকৈ মুৰ্গী,ধান আদি পুৰি নিমিষতে ভষ্মীভূত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/b2e17ba1-f2f7-4da8-9726-441f6be5bf3f/ab3a0dad_9f2d_4b5b_ae7a_a0c05d423f3c.jpg)
প্ৰায় লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয় বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত হুৱা-দুৱা লগাত স্থানীয় লোক উপস্থিত হৈ বাল্টিৰে পানী ঢালি জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰে। অৱশ্যে পৰৱৰ্তী সময়ত কলিয়াবৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে। উক্ত অগ্নিকাণ্ডৰ পৰা কথমপিহে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ।
Also Read: যশস্বী সংগীত পৰিচালক ভূপেন উজীৰ আৰু নাই