/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/c29ab6ad-b3b0-48c2-8965-ef9b16596581/553.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : বটদ্ৰৱাত ২৪ ঘন্টাৰ ভিতৰত দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত বটদ্ৰৱা শলগুৰি সত্ৰৰ ধনীৰাম কলিতা নামৰ ব্যক্তিজনৰ খেৰঘৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
লগে লগে স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, বুধবাৰে শেষ নিশা বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰত থকা ১৩ দোকান জুইত ভস্মীভূত হোৱাৰ পাছত পুনৰ এই ঘটনা সংঘটিত হোৱাত অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে।
Also Read: দক্ষিণপাটত বিকশিত ভাৰত সংকল্প যাত্ৰা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us