/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1c9e2d0b-38ea-4489-ac70-03cbf8dc44de/552.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণপাট গাঁও পঞ্চায়তৰ দক্ষিণপাট উচ্চতৰ মাধ্যমিক ৰাজহুৱা ভৱনত বৃহস্পতিবাৰে আয়োজন কৰা “বিকশিত ভাৰত সংকল্প যাত্ৰা” অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। অনুষ্ঠানত ভাষণ দি বিধায়ক দাসে কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী চিন্তা আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত এই “বিকশিত ভাৰত সংকল্প যাত্ৰা” কাৰ্যসূচীয়ে অসমৰ চুকে-কোণে গৈ চৰকাৰৰ জনকল্যাণমূলক ধ্বজাবাহী আঁচনিসমূহ ৰাইজৰ ওচৰলৈ লৈ যাবলৈ সক্ষম হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/53f661c5-d8df-4e97-93dc-8eebaa09e1e6/648b36d7_a58f_4faa_b654_2d92a3de7a97.jpg)
বিকশিত ভাৰত সংকল্প যাত্ৰা হৈছে গ্ৰাম্য আৰু নগৰ উভয় অঞ্চলকে সামৰি লোৱা বিভিন্ন ধ্বজাবাহী চৰকাৰী আঁচনি। যেনে- আয়ুষ্মান ভাৰত যোজনা, পি এম গৰীৱ কল্যাণ অন্ন আঁচনি, পি এম উজ্জ্বলা আঁচনি, পি এম বিশ্বকৰ্মা আদিৰ বিষয়ে সজাগতা সৃষ্টি আৰু ৰূপায়ণৰ বাবে সমগ্ৰ দেশতে গ্ৰহণ কৰা এক চৰকাৰী পদক্ষেপ। আজিৰ বৈঠকত বিভিন্ন সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধিয়ে চৰকাৰে প্ৰদান কৰা ধ্বজাবাহী আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। সভাত বিশিষ্ট ব্যক্তি আৰু উপস্থিত ৰাইজে সংকল্প প্ৰতিজ্ঞা গ্ৰহণ কৰে।
নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, মহকুমাধিপতি (সদৰ) সৌৱিক ভূঞা, নগাঁও জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া হিৰণ্য কুমাৰ চামুৱা, পাখিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, নগাঁও জিলা পৰিষদৰ বিষয়া-কৰ্মচাৰী, পাখিমৰীয়া উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰী, পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ প্ৰতিনিধি, নগাঁও জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া আৰু বহু সংখ্যক স্থানীয় নাগৰিকে সভাত অংশগ্ৰহণ কৰে।