
লাহৰীঘাটৰ দক্ষিণ চেনীমাৰীত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মিভূত হৈছে ৫টাকৈ বাসগৃহ।
স্থানীয় ৰাইজৰ তৎপৰতাত কিছু পৰিমাণে জুই নুমুৱাবলৈ সক্ষম।
অভিযোগ অনুসৰি ঘটনাস্থলীত পলমকৈ উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন।
উত্তেজিত ৰাইজৰ একাংশই অগ্নি নিৰ্বাপক বাহিনীৰ বাহনলৈ লক্ষ্য কৰি নিক্ষেপ কৰিলে শিলগুটি।
শিল নিক্ষেপৰ ফলত ক্ষতিগ্ৰস্ত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন।
ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী।
আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰিত হৈছে পৰিস্থিতি।