মন্ত্ৰীৰ সমষ্টিতে পঞ্চায়তৰ গৃহ, দেৱাল নিৰ্মাণত সভাপতিৰ অবাধ দুৰ্নীতি...

মন্ত্ৰীৰ সমষ্টিতে পঞ্চায়তৰ গৃহ, দেৱাল নিৰ্মাণত সভাপতিৰ অবাধ দুৰ্নীতি...
মন্ত্ৰীৰ সমষ্টিতে পঞ্চায়তৰ গৃহ, দেৱাল নিৰ্মাণত সভাপতিৰ অবাধ দুৰ্নীতি...

ডিজিটেল সংবাদ বজালীঃ বিজেপি নেতা হোৱাৰ বাবেই যেন বজালীৰ নিত্যানন্দ পাণবাৰী গাঁও পঞ্চায়তৰ সভাপতি পৰাগ তালুকদাৰক দিয়া হৈছে দুৰ্নীতি কৰাৰ লাইচেঞ্চ। পঞ্চায়ত সভাপতি হৈ পৰাগ তালুকদাৰে নিজৰ কাৰ্যকালৰ লগতে অঞ্চলত প্ৰায় প্ৰতিটো কামতে নিজে ঠিকাদাৰ হৈ চলাই আহিছে লুন্ঠন ৰাজ।

এইবাৰ পাণবাৰী পঞ্চায়তৰ কাৰ্যালয়ৰ চৌহদৰ দেৱাল দিয়াৰ নামত ৬ লাখ ৪০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দেৱাল আঁচনিৰ পিছফালে নতুন দেৱাল দি আগফালে পুৰণি দেৱালেৰে আধা ভাঙি তাৰ ওপৰতে নতুন ইটা গাঁঠি নতুন দেৱালৰ নামত ধন মুকলি কৰা ফান্দ পাতিছে। এই কামত সহযোগ কৰিছে বজালী উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা কাফেদ হুছেইনে।

শুকুৰবাৰে সাংবাদিকৰ পৰা বহু সময় পলাই থাকি অৱশেষত পৰাগ তালুকদাৰে তেওঁৰ অনুপস্থিতিত তেনেদৰে দুৰ্নীতি কৰি দেৱাল নিৰ্মাণ কৰা বুলি প্ৰকাশ কৰে l অকল দেৱাল নিৰ্মানতে দুৰ্নীতি নহয় বৰং একেটা চৌহদত ২০ লাখ টকা ব্যয় সাপেক্ষে ঠিকাদাৰ সভাপতি পৰাগ তালুকদাৰে নিৰ্মাণ কৰা পঞ্চায়ত ভৱনটো নিৰ্মাণ কৰি দুৰ্নীতি কৰা বাবে বিভাগীয়ভাৱে বহু কাম ভাঙি পুনৰ নিৰ্মাণ কৰিব দিছে খণ্ড উন্নয়ন বিষয়াইl

সভাপতি আৰু ঠিকাদাৰ হৈ দুৰ্নীতি কৰা এনে তথ্য উদঙাই দিছে পঞ্চায়ত সম্পাদক আৰু স্বয়ং কনিষ্ঠ অভিযন্তা কাফেদ হুছেইনৰ বক্তব্যই। এনেদৰে ই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সমষ্টিতে আন বহু মন্ত্ৰীৰ আশীষধন্য বুলি জহাই ফুৰা বিজেপি নেতা পৰাগ তালুকদাৰে চলাই গৈছে অবাধ দুৰ্নীতি l অকল এই দুৰ্নীতি য়ে নহয় বৰং সভাপতি হৈ পৰাগ তালুকদাৰে তেওঁৰ অন্তৰ্গত প্ৰতিটো কামতে হৈছে ঠিকাদাৰ।

মন্ত্ৰীৰ সমষ্টিতে পঞ্চায়তৰ গৃহ, দেৱাল নিৰ্মাণত সভাপতিৰ অবাধ দুৰ্নীতি...
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ অভিযানত নিহত ২ স্থানীয় লোকঃ উত্তপ্ত জম্মু, বন্ধ ইণ্টাৰনেট সেৱা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in